ডিফু, 27 মাৰ্চ: কাৰ্বি লাম্মেট আমেইৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই কাৰ্বি লাম্মেট আমেই (কাৰ্বি সাহিত্য সভা) লাভ কৰিলে এটি নৱ নিৰ্মিত আটক ধুনীয়া মুখ্য কাৰ্যালয় ৷ ফলত ঠিকনা সলনি হ’ল কাৰ্বি লাম্মেট আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ ভৱনৰ ৷ ডিফুৰ ৰংথিয়াংৰ পুৰণি কাৰ্যালয়ৰ ঠিকনা সলনি কৰি ডিফু-লামডিং পথৰ তিনিকিলোত স্থাপন হ’ল নতুন মুখ্য কাৰ্যালয়টো (Karbi Lammet Amei establish day) ৷
এতিয়াৰে পৰা কাৰ্বি লাম্মেট আমেইৰ নতুন ঠিকনা ডিফু-লামডিং পথৰ তিনিকিলো ৷ কাৰ্বি লাম্মেট আমেই চমুকৈ কেএলএৰ নৱ নিৰ্মিত মুখ্য কাৰ্যালয়টো সোমবাৰে আনুষ্ঠানিত ভাৱে শুভ উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (Dr Tuliram Ronghang) ৷
উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা কাৰ্বি জাতীয় সংগঠনটোৰ বাবে 2 কোটি টকা ব্যয় সাপেক্ষে এবছৰ পূৰ্বে তুলিৰাম ৰংহাঙে ভৱনটো আধাৰশিলা স্থাপন কৰিছিল ৷ সোমবাৰে নৱ নিৰ্মিত ভৱনটো উদ্বোধন কৰিবলৈ পাই যথেষ্ঠ সুখী বুলি সাংবাদিকৰ আগত সদৰী কৰে তুলিৰাম ৰংহাঙে (Karbi Lammet Amei office innaguration) ৷ কাৰ্বি ভাষা সাহিত্য বিকাশৰ ক্ষেত্ৰত পৰিষদৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলিও আশ্বাস প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷