অসম

assam

By

Published : Sep 28, 2020, 2:47 PM IST

ETV Bharat / state

কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ

কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ ৷ আৰক্ষীয়ে এজন লোকক আটক কৰাৰ লগতে 50 হাজাৰ টকা উদ্ধাৰ কৰে যুৱকজনৰ পৰা ৷

5 kg heroin seized by Assam Karbi Anglang Police
কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰইন জব্দ

ডিফু, 28 ছেপ্তেম্বৰ :কাৰ্বি আংলং জিলাৰ ডিলাই থানাৰ অন্তৰ্গত লাহৰিজান পহৰা চকীৰ সমীপত অভিযান চলাই সোমবাৰে আৰক্ষীয়ে প্ৰায় 5.05 কেজি ওজনৰ 25 কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ'ইন জব্দকৰিবলৈ সক্ষম হয় ৷ লগতে, আৰক্ষীয়ে ইছমাইল আলী নামৰ এজন যুৱকক আটক কৰাৰ লগতে যুৱকজনৰ পৰা 50 হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত কাৰ্বি আংলং আৰক্ষীৰ বিশেষ নাকা তালাচীত AS 01 KC 4951নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি ।

কাৰ্বি আংলং জিলা আৰক্ষী উপাধ্যক্ষ (মুখ্য) নাহিদ কৰিশ্মা, বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, চক্ৰ বিষয়া ভূপেন কলিতা, ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু ছেত্ৰী আৰু আৰক্ষী বিষয়া মনোজ্জল গগৈ মৈঞ্জে আৰু অ'চি জিতুমনি ডেকাৰ নেতৃত্বত বোকাজানত,মাঞ্জা,লাহৰিজানত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ।

কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰইন জব্দ

উল্লেখ্য যে, বিগত চাৰিমাহত কাৰ্বি আংলং আৰক্ষীৰ অধীক্ষক দেৱজিত দেউৰীৰ নিৰ্দেশ মৰ্মে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা হৈছে আৰু সোমবাৰ পৰ্যন্ত প্রায় 40 কোটিৰো অধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে ভাল পাব ৰকিবুল হুছেইনে

ABOUT THE AUTHOR

...view details