ডিফু, ৭ অক্টোবৰ: ২০০৬ চনৰ পূৰ্বে স্থাপিত হোৱা অথচ পদ প্ৰাদশীকিকৰণৰ পৰা বঞ্চিত হৈ থকা কাৰ্বি আংলং জিলাৰ ২৭ খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ২৭ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মাজত শুকুৰবাৰে বিতৰণ কৰা হয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা নিযুক্তি পত্ৰ (Appointment Letter Distribution Ceremony) । ডিফুত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰসমূহ বিতৰণ কৰা হয় ।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুষ্ঠানটোত উপস্থিত থাকি বিতৰণ কৰে নিযুক্তি পত্ৰসমূহ । ইয়াৰ পাছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে একাংশ লোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰদানৰ কৰ্তৃত্ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰা কৰ্তন কৰা বুলি অপপ্ৰচাৰ চলাই অহা বুলি মন্তব্য কৰে ।