ডিফু , 4 ফেব্ৰুৱাৰী : সমগ্ৰ দেশতে ক’ৰোনা মহামাৰীৰ বিধ্বংসী ৰূপ ৷ এই ক’ৰণা মহামাৰীৰ বাবেই পিছুৱালে 48 সংখ্যক কাৰ্বি মহোৎসৱ ৷ ৰাজ্যতো চৰকাৰে এছঅ'পি, নৈশ সান্ধ্য আইনৰ উপৰি অনান্য বহু বাধ্য বাধকতা আৰোপ কৰা দেখা গৈছে ৷ এনে কাৰণত কিছু পৰিমাণে হ’লেও সাধাৰণ জীৱন-যাত্ৰা বাধাগ্ৰস্ত হৈছে ৷ বিভিন্ন চৰকাৰী-বেচৰকাৰী অথবা ব্যক্তিগত অনুষ্ঠান আদি আয়োজন কৰাৰ ক্ষেত্ৰতো আয়োজক সমিতি বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
কাৰ্বি আংলঙৰ ডিফুৰ সমীপৰ তাৰালাংছৰ কাৰ্বি পিপুলছ হলত প্ৰতি বছৰৰ 15 ৰ পৰা 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈ আহিছে হেঁপাহৰ কাৰ্বি যুৱ মহোৎসৱ (Karbi Youth Festival) ৷ কেৱল উত্তৰ-পুৱ ভাৰতৰে নহয় সমগ্ৰ দেশৰ বাবে লেখত ল’বলগীয়া যুৱ মহোৎসৱে গৰকিছে 48 টাকৈ গৌৰৱোজ্জল বৰ্ষ ৷
এইবাৰো মহোৎসৱটি আয়োজন কৰিবলৈ অতি উলহ-মালহেৰে আয়োজক সমিতিয়ে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছিল ৷ পিছে শেহতীয়াকৈ ক'ভিড পৰিস্থিতি বহু পৰিমাণে উন্নত হৈছে যদিও চৰকাৰী বাধা নিষেধ বৰ্তমানেও আৰোপ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহোৎসৱটি আয়োজন কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে আয়োজক কাৰ্বি কালচাৰেল ছ'চাইটি (Karbi Cultural Society) ৷