অসম

assam

ETV Bharat / state

আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবে 400 টা গাহৰি নিধন - karbi anglong news

ডিফুৰ ‘পেশ্যনেট মাল্টি ফাৰ্ম’ত পোহ-পাল দিয়া গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ(African Swine Fever) ধৰা পৰাৰ পাচতে 400 টা গাহৰি নিধন কৰে জিলা পশুপালন বিভাগে(Animal Husbandry Department) ৷ জনহিতাৰ্থে ফাৰ্মখনৰ স্বত্বাধিকাৰীয়ে গাহৰি নিধনৰ বাবে অনুমতি প্ৰদান কৰে ৷

pigs killed for african swine fever infection
কাৰ্বি পাহাৰত আফ্ৰিকান ছোৱাইন ফিভাৰ

By

Published : Aug 27, 2021, 12:27 PM IST

ডিফু, 27 আগষ্ট : দেশজুৰি চলি থকা ক’ভিড(Covid) সংহাৰৰ মাজতে এইবাৰ কাৰ্বি আংলং জিলাৰ ডিফুৰ ‘পেশ্যনেট মাল্টি ফাৰ্ম’ত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ(African Swine Fever) ৷ ইয়াৰ পাচতে নিধন কৰা হয় ফাৰ্মখনৰ সৰু-বৰ মুঠ 400 টাকৈ গাহৰিৰ ৷

গুৱাহাটীৰ পশুপালন বিভাগৰ(Animal Husbandry Department) এটা দলে গাহৰি নিধন কৰা বুলি জানিবলৈ দিয়ে ৷ কিছুদিন পূৰ্বে অজ্ঞাত কাৰণত ফাৰ্মখনত দুটাকৈ প্ৰাপ্তবয়স্ক গাহৰিৰ মৃত্যু হোৱাৰ পাচতে এই সন্দৰ্ভত জিলা পশুপালন বিভাগক খবৰ দিছিল ফাৰ্মখনৰ স্বত্ত্বাধিকাৰী ৰ’জমেৰী ৰংফাৰপীয়ে ৷

কাৰ্বি পাহাৰত আফ্ৰিকান ছোৱাইন ফিভাৰ

ইয়াৰ পাচতে বিভাগটোৰ এটা দলে গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে ৷ পৰীক্ষাৰ ফলাফলত ধৰা পৰে গাহৰি কেইটাৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি ৷ তাৰ পাছতেই জনহিতাৰ্থে ফাৰ্মখনৰ স্বত্বাধিকাৰীয়ে বৃহৎ ত্যাগ স্বীকাৰ কৰে ৷ ফাৰ্মখনত থকা অন্য 400 টা গাহৰি নিধনৰ অনুমতি দিয়ে স্বত্ত্বাধিকাৰী ৰ’জমেৰী ৰংফাৰপীয়ে ৷

লগতে পঢ়ক:উত্তৰ পূৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক: 4149 গাহৰিৰ মৃত্যু

এই মাৰাত্মক ৰোগ ফাৰ্মৰ পৰা যাতে অন্য ঠাইলৈ বিয়পিব নোৱাৰে, সেই উদ্দেশ্যে গাহৰি কেইটা নিধন কৰিবলৈ অনুমতি প্ৰদান কৰা হয় ৷ ক’ভিড মহামাৰীৰ সমান্তৰালকৈ ৰাজ্যত চলিছে এতিয়া আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ । ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে কেইবা হাজাৰ গাহৰিৰ ।

ঘৰচীয়া গাহৰিৰ পৰা যাতে এই ৰোগ বনৰীয়া গাহৰিলৈ সংক্ৰমিত নহয়, তাৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপ হাতত লৈছে বন বিভাগে(Forest Department) ৷ ৰাজ্যৰ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, বিশ্বনাথ আৰু লখিমপুৰ জিলাত প্ৰথমবাৰৰ বাবে গাহৰিৰ দেহত ধৰা পৰিছিল আফ্ৰিকান ছোৱাইন ফিভাৰ ৷

লগতে পঢ়ক:আফ্ৰিকান ছোৱাইন ফিভাৰক লৈ কিমান সতৰ্ক বন বিভাগ !

ABOUT THE AUTHOR

...view details