অসম

assam

By

Published : Aug 1, 2019, 8:07 AM IST

ETV Bharat / state

কাৰ্বি আংলঙত ফ'ৰলেন হাইৱে কেলেংকাৰী

দুৰ্নীতিৰ জৰিয়তে বহু হাই প্ৰফাইল চৰকাৰী বিষয়া লাভান্বিত হোৱাৰ লগতে বিষয় সন্দৰ্ভত জিলা প্ৰশাসন অৱগত কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰা  বুলি  সংবাদমেলত মন্তব্য কৰে সংগঠনৰ নেতৃবৰ্গই

কাৰ্বি আংলঙত ফ'ৰলেন হাইৱে কেলেংকাৰী

ডিফু, 31 জুলাইঃ কাৰ্বি আংলঙত ফ'ৰলেন হাইৱে নিৰ্মাণত কেলেংকাৰী ৷ দুৰ্নিতীগ্ৰস্থৰ বিৰুদ্ধে চিবিআই তদন্ত বিচাৰি সংবাদমেল জিলা যুৱ কংগ্ৰেছৰ ৷ ডবকাৰ পৰা ডিমাপুৰ সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি আবণ্টৰ ক্ষেত্ৰত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ ৷ দুৰ্নীতিৰ জৰিয়তে বহু হাই প্ৰফাইল চৰকাৰী বিষয়া লাভান্বিত হোৱাৰ লগতে বিষয় সন্দৰ্ভত জিলা প্ৰশাসন অৱগত কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি সংবাদমেলত মন্তব্য কৰে সংগঠনৰ নেতৃবৰ্গই ৷ কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ সভাপতি-সম্পাদক শুকুৰছিং ক্ৰ' আৰু হাৰমনছিং ইংতি স্বাক্ষৰিত এক বিবৃতিত উক্ত কাৰ্যত জড়িত থকাৰ অভিযোগ তুলি কেইবাজনো লোকৰ নাম থকা তালিকাও প্ৰদৰ্শন কৰে সংবাদমেলত৷


উল্লেখ যোগ্য যে, হাইৱে নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ পাচত উক্ত ঠাইত নিগাজিকৈ থকা হিতাধিকাৰীক ক্ষতিপূৰণ নিদিয়াকৈ জালিয়াতিৰে পট্টা উলিয়াই লোৱা একাংশ লোককহে ক্ষতিপূৰণ দিয়া হ'ল বুলি অভিযোগ কৰে যুৱ কংগ্ৰেছে৷ আনহাতে, উক্ত কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিছে যুৱ কংগ্ৰেছে৷

কাৰ্বি আংলঙত ফ'ৰলেন হাইৱে কেলেংকাৰী

ABOUT THE AUTHOR

...view details