অসম

assam

ETV Bharat / state

ডিফুত লকডাউন ভংগ কৰা ৩৭ জনক আটক - ডিফু আৰক্ষী

ডিফুত লকডাউনৰ নীতি-নিয়ম অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ আৰক্ষী ৷ শুকুৰবাৰে লকডাউনৰ নীতি নিয়ম ভংগ কৰা ৩৭ জনকৈ লোকক আটক কৰি ডিফু থানালৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

ডিফু
ডিফুত আটক লকডাউন ভংগ কৰা ৩৭ জনকৈ লোক

By

Published : May 8, 2020, 7:16 PM IST

ডিফু,৮ মে'ঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত তৃতীয় পৰ্যায়ৰ লকডাউনৰ বাবে বান্ধি দিয়া নীতি-নিয়ম উলংঘনকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ডিফু আৰক্ষী ৷ এই নীতি-নিয়ম উলংঘনকাৰী সকলৰ বিৰুদ্ধে অভিযান চলাই ডিফু আৰক্ষীয়ে শুকুৰবাৰে পুৱাৰ ভাগত ৩৭ জনকৈ লোকক আটক কৰি ডিফু থানালৈ প্ৰেৰণ কৰে ৷

ডিফুত আটক লকডাউন ভংগ কৰা ৩৭ জনকৈ লোক

ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়া অনুসৰি, COVID-19ৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰি কেতবোৰ নীতি-নিয়ম নিৰ্দ্ধাৰণ কৰাৰ উপৰিও জিলাখনত ১৪৪ ধাৰা বলৱৎ কৰা হৈছে । কিন্তু তাৰ বিপৰীতে একাংশ অসচেতন লোকে লকডাউনৰ এই নীতি-নিয়ম পাহৰি মুকলিকৈ থু পেলোৱা, মাস্ক নিপিন্ধা, দুচকীয়া বাহনত দুজনকৈ উঠা আৰু হেলমেটবিহীন বাবে দুচকীয়া বাহন চলাই আহিছে ৷

যাৰ বাবে ডিফু আৰক্ষীয়ে ১নং পুলিছ পইণ্টত নিয়মীয়া তালাচী অভিযান চলাই লকডাউনৰ নীতি নিয়ম ভংগ কৰা ৩৭ জনকৈ লোকক আটক কৰি ডিফু থানালৈ প্ৰেৰণ কৰে ৷ আনহাতে, এই লোক সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 188/270/271 ,ডিফু থানাত101/2020 নম্বৰত এক গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details