ডিফু, 16 জানুৱাৰী: ভোগালী বিহুৰ আনন্দ-উল্লাহৰ মাজত ডিফুত তিনিটা দিনত তিনিজনকৈ লোকৰ ৰে’লৰ খুন্দাত অকাল মৃত্যু(Railroad Death in Diphu) ৷ শনিবাৰ আৰু দেওবাৰে পাৰ্বত্য জিলাখনত ৰে’লৰ খুন্দাত 2 গৰাকীলোকৰ মৃত্যু হোৱাৰ বিপৰীতে সোমবাৰে মৃত্যু হয় এগৰাকী মহিলাৰ(three people run over by train in Diphu) ৷
উল্লেখ্য যে, শনিবাৰে অৰ্থাৎ উৰুকাৰ পুৱতি নিশা ৰে’লৰ খুন্দাত মৃত্যু হয় ডিফুৰ ৰামঠাকুৰ কলনিৰ সুৰজিৎ সাহা নামৰ এগৰাকী 24বছৰীয়া যুৱকৰ ৷ এগৰাকী বন্ধুৰ ঘৰৰ পৰা উভতি আহোঁতেই ৰে’লৰ খুন্দাত মৃত্যু হয় যুৱকজনৰ ৷
আনহাতে, দেওবাৰে নিশা মৃত্যু হয় আন এজন ব্যক্তিৰ ৷ ৰে’লৱে আৰক্ষীৰ তথ্য অনুসৰি দলদলিৰ সমীপৰ ৰে’ল লাইনত এগৰাকী প্ৰায় 35বছৰীয়া ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় ৷ অৱশ্যে বৰ্তমানেও চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয় ৷ ৰে’ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে GMCH লৈ ৷
প্ৰাথমিক তদন্তত ব্যক্তিগৰাকী চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ৰে’ল আৰক্ষীয়ে(person died by falling off train) ৷ অৱশ্যে কোনখন ৰে’লৰ পৰা পৰি ব্যক্তিগৰাকীৰ মৃত্যু হৈছে সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ৷ ইফালে , মৃতদেহটো চিনাক্তকৰণৰ বাবে 72 ঘণ্টা মৰ্গত ৰখা হ’ব বুলি সদৰী কৰিছে ৰে’ল আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনি মেচে ৷