ডিফু,২২ জানুৱাৰী: কাৰ্বি আংলংত অনুষ্ঠিত হয় কাৰ্বি লাম্মেত আমেইৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ যোৱা ২০ জানুৱাৰী পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ লংনিট বজাৰৰ কুৰ্ণা তাৰ' খেল পথাৰত অনুষ্ঠিত হয় এই অধিৱেশন ৷ জিলাখনৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু নৈসৰ্গিক পৰিবেশৰ প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে কাৰ্বি আংলঙবাসীৰ সৰলতাৰ ভূয়সী প্ৰশংসা কৰে সাহিত্য একাডেমীৰ নৰ্থ ইষ্ট চেণ্টাৰ ফৰ অৰেল লিটাৰেছাৰৰ সঞ্চালক চন্দ্ৰকান্ত মুৰাছিঙে ৷ অধিৱেশনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চন্দ্ৰকান্ত মুৰাছিঙ ৷
কাৰ্বি সাহিত্য সভাৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন - সাহিত্য একাডেমীৰ নৰ্থ ইষ্ট চেণ্টাৰ ফৰ অৰেল লিটাৰেছাৰ
কাৰ্বি লাম্মেত আমেইৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ 20 জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অধিৱেশন ৷
কাৰ্বি সাহিত্য সভাৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন
সৰ্বভাৰতীয় পৰ্যায়ত উত্তৰ-পূৱবাসীৰ ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়তো আলোকপাত কৰে মুৰাছিঙে ৷ গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষ ইতিমধ্যে গৰকা কাৰ্বি লাম্মেত আমেইৰ নিজস্ব এটুকুৰা ভূমি নথকাৰ বিষয়ে আক্ষেপ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশী ৰংবং তেৰাঙে ৷ ৰংবং তেৰাঙৰ এই প্ৰতিক্ৰিয়াৰ বিষয়ে কয় কাৰ্বি লাম্মেত আমেইৰ সাধাৰণ সম্পাদক কামছিং হাঞ্ছেই ৷
আৰু পঢ়ক : কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ চাৰি মনোনীত সদস্যৰ শপত গ্ৰহণ