অসম

assam

ETV Bharat / state

কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ 237 সংখ্যক অধিবেশন সম্পন্ন

ক'ভিড-19 ৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হয় কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ 237 সংখ্যক অধিবেশন ৷ লগতে উক্ত অধিবেশনত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ পৰিষদৰ ৷

Foundation day Celebreation In karbi Anglang
কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ 237 সংখ্যক অধিবেশন সম্পন্ন

By

Published : Aug 18, 2020, 10:08 PM IST

ডিফু, 18 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে মঙলবাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ 237 সংখ্যক অধিবেশন সম্পন্ন হয় ৷ কৰ'ণা মহামাৰীৰ ভয়াবহতাৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় 237 সংখ্যক অধিবেশনখন ৷

স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহিৰ অধ্যক্ষতাত অনুষ্ঠিত হােৱা উক্ত বাজেট অধিবেশনত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় । সেই অনুসৰি, বিভিন্ন শিতানত ব্যয়ৰ বাবে 30 কোটি টকা অতিৰিক্ত বাজেটত অনুমােদন প্রদান কৰা হয় । আনহাতে, দুয়ােখন পাহাৰীয়া জিলাৰে প্রৱেশ স্থানত পৰস্পৰাগত প্রৱেশ তােৰণ স্থাপন কৰাৰ লগতে তােৰণৰ সৈতে কার্বি আংলং জিলা গঠনৰ অন্যতম স্বপ্নদ্রষ্টা চেমচনছিং ইংতি আৰু কার্বি আদৰবাবৰ প্রথমগৰাকী সভাপতি চাৰছিং টেৰণৰ প্রতিমূর্তি স্থাপন কৰা হ'ব বুলি সদনৰ মজিয়াত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঘােষণা কৰে ।

কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ 237 সংখ্যক অধিবেশন সম্পন্ন

লগতে পঢ়ক : গোলাঘাটত আৰক্ষীৰ জালত চাৰিটাকৈ গভাইত চোৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details