ডিফু, 28 ছেপ্তম্বৰ :বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে মাঞ্জা আৰু লাহৰিজানত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ পিচতে সোমবাৰে পুনৰ কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ অভিযানত দুপৰীয়া উদ্ধাৰ কৰা হয় বৃহৎ পৰিমানৰ গাঞ্জা ৷ প্ৰাপ্ত খবৰ অনুসৰি, দুপৰীয়াৰ ভাগত মাঞ্জা থানাৰ অ'চি জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এক অভিযানকাৰী দলে মাঞ্জা-ডিমাপুৰ পথত এক বিশেষ নাকা তালাচী অভিযান চলাই ডিমাপুৰৰ-হোজাই অভিমুখী AS 02 AC 6524 নম্বৰৰ আয়েশা ছিদ্দিকা নামৰ যাত্ৰীবাহী বাছখনত তালাচী চলোৱাত বাছখনৰ পৰা উদ্বাৰ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমানৰ গাঞ্জাখিনি ৷
মাঞ্জা আৰক্ষীৰ নাকা তালাচীত জব্দ 2 লাখ টকাৰ গাঞ্জা - উপ-আৰক্ষী অধীক্ষক
কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ ৷ আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় গাঞ্জাখিনি ৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মুল্য প্ৰায় 20 লক্ষাধিক টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

গাঞ্জাখিনি জব্দ কৰাৰ সময়ত গাঞ্জা সৰবৰাহকাৰী লোকজনে সুযোগ বুজি পূৰ্বেই গাড়ীৰ পৰা নামি পলায়ন কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে, গাঞ্জাখিনি মাঞ্জা চেক পষ্টৰ ওচৰত নিৰপেক্ষ সাক্ষীৰ সন্মুখত ওজন কৰাৰ লগতে চীল পেক কৰা হয় ৷ জব্দ হোৱা গাঞ্জাখিনিৰ ওজন প্ৰায় 20 কেজি হোৱাৰ লগতে ইয়াৰ বজাৰ মূল্য প্ৰায় 2 লাখ টকা বুলি কাৰ্বি আংলং জিলাৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মাই সাংবাদিকক জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ কৰিডৰ ৰূপে খ্যাত ডিমাপুৰ-মাঞ্জা পথত শেহতীয়াকৈ জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে তালাচী অভিযান তীব্ৰতৰ কৰি তোলাত বিগত কেইমাহ ধৰি কেইবা কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ হোৱাৰ লগতে সৰবৰাহকাৰীক আটক কৰা হয় ৷
লগতে পঢ়ক :কৃত্ৰিম বানত বুৰিল নীলবাগানৰ বৃহত্তৰ অঞ্চল