ডিফু, ২৮ মে': পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত ধনদাবী কৰা দুই দুৰ্বৃত্তক শুকুৰবাৰে হামৰেণ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ জিলাখনত বহু ঠিকাদাৰ আৰু চৰকাৰী কৰ্মচাৰীৰ লগতে সাধাৰণ লোকক ধনদাবী আৰু দাবী-ধমকি দি অহাৰ লগতে ব্যৱসায়ীক ফোনযোগে ধনদাবী কৰা দুই দুৰ্বৃত্তক হামৰেণ আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
আটকাধীন দুই দুৰ্বৃত্ত ক্ৰমে হামৰেণৰ বলালাংছৰ বৰলংকি টিমুং আৰু উমৰাংছৰ জন ইংতি বুলি জানিব পৰা গৈছে ৷ আটকাধীন যুৱক দুজনৰ পৰা হামৰেণ আৰক্ষীয়ে এখন বাইক আৰু দুটা ম'বাইল ফোনৰ লগতে ধনদাবী কাৰ্যত ব্যৱহৃত চিমকাৰ্ড উদ্ধাৰ কৰে ৷