অসম

assam

ETV Bharat / state

ডিমা হাছাওৰ কৰ’ণা সংক্ৰমণক লৈ সষ্টম প্ৰশাসন

সোমবাৰে ডিমা হাছাওত 13 গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত ৷ এতিয়ালৈকে জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 73 গৰাকীলৈ ৷ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক জৰুৰী বৈঠকত মিলিত হৈ সকলোকে চৰকাৰী নিৰ্দেশনা তথা স্বাস্থ্য বিধি মানি চলাৰ আহ্বান উপায়ুক্ত পল বৰুৱাৰ ৷

By

Published : Apr 27, 2021, 10:46 AM IST

DC meeting
জিলা উপায়ুক্তৰ বৈঠক

ডিমা হাছাও,27 এপ্ৰিল: ডিমা হাছাও জিলাতো ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰে জিলাখনত নতুনকৈ 13 গৰাকীকৈ লোক আক্ৰান্ত হৈছে ক’ভিড-19 ত ৷

আক্ৰান্ত 13 গৰাকীৰ ভিতৰত আছে হাফলঙৰ এগৰাকী সাংবাদিক আৰু হাফলং ষ্টেট বেংকৰ চাৰি গৰাকী কৰ্মী । এতিয়ালৈকে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 73 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ মাজৰ 4 গৰাকীৰ হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসা চলি থকাৰ লগতে বাকী 63 গৰাকী ৰোগী হোম আইছ’লেচনত আছে ৷ আনহাতে 6 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।

জিলাখনত ক্ৰমাৎ কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে সোমবাৰে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ত এক জৰুৰী বৈঠকত মিলিত হয় উপায়ুক্ত পল বৰুৱাই ৷ বিভিন্ন চৰকাৰী বিভাগ আৰু জিলাৰ বিভিন্ন জাতীয় সংগঠনৰ সৈতে মিলিত হোৱা এই বৈঠকত বৰ্তমানৰ ক’ভিড পৰিস্থিতি লৈ সকলোকে চৰকাৰী নিৰ্দেশনা তথা স্বাস্থ্য বিধি মানি চলাৰ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ৷ লগতে তেওঁ সোমবাৰে সন্ধিয়া 6 বজাৰ পৰা জিলাখনৰ সমস্ত বজাৰ আৰু দোকান-পোহৰ, মল, ৰেষ্টুৰেণ্ট আদি বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে ।

ইয়াৰোপৰি, জিলাৰ চৰকাৰী কাৰ্যালয়ত এতিয়াৰে পৰা 50 শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব । বজাৰ আৰু দোকানসমূহত এক লগে 5 গৰাকী ব্যক্তিয়ে সামগ্ৰী ক্ৰয় কৰিব পাৰিব । ব্যৱসায়ী প্ৰতিষ্ঠানসমূহত পানী, চাবোন চেনিটাইজাৰ ৰখাতো বাধ্যতামূলক কৰা হৈছে ৷

ৰাজহুৱা স্থানত মাস্ক পিন্ধিব লাগিব আৰু এই আইন অমান্য কৰিলে 1000 টকা জৰিমনা বিহাৰ লগতে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব টাস্ক ফ’ৰ্চে ৷ ইফালে হাফলং চহৰত অট’ ৰিক্সাসমূহত চালকৰ লগতে দুজনকৈ যাত্ৰী অহা-যোৱা কৰিব পাৰিব ।

লগতে পঢ়ক :মৰাণত দুখনকৈ ব’হাগী মহোৎসৱ বাতিল

ABOUT THE AUTHOR

...view details