ৰঙিয়া, 23 জানুৱাৰী:এসপ্তাহৰ পূৰ্বে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ফাটেমা কনভেন্টৰ সন্মুখত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত ৰঙিয়াৰ সমীপৰ কঞাৰ এজন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰিছিল (Miscreants Attack Youth)। অচেতন অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনৰ নাম আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছিল (Youth sighed after battling life and death)।
লগে লগে স্থানীয় লোকৰ লগতে সেই স্থানত উপস্থিত পৰিয়ালৰ লোকৰ তৎপৰতাত অতি সংকটজনক অৱস্থাত গুৰুতৰভাৱে আহত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল (Injured youth hospitalized at Rangia) ৷ কিন্তু চিকিৎসালয়ত এটা সপ্তাহ জীৱন মৃত্যুৰে যুঁজি অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি ললে আনোৱাৰ হুছেইন নামৰ যুৱকজনে (Anowar Hussain death) ।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি দুৰ্বৃত্তই পৰিকল্পিতভাৱে যুৱকজনক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰাৰ পাছত পথৰ কাষত পেলাই থৈ সমগ্ৰ ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিব চেষ্টা কৰিছিল । ঘটনাৰ বিৱৰণী অনুসৰি যোৱা সোমবাৰে অৰ্থাৎ 16 জানুৱাৰীৰ দিনা নিজৰ গেৰেজটো বন্ধ কৰি ঘৰলৈ উভতিছিল আনোৱাৰ ৷ ইয়াৰ পাছত নিশালৈ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফাটেমা কণভেণ্ট বিদ্যালয়ৰ সমীপত পথৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল আনোৱাৰক । স্থানীয় লোকসকলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত আনোৱাৰক ভৰ্তি কৰিছিল ।