আজাৰা, 28 জুন : দক্ষিণ কামৰূপৰ পলাশবাৰীত অঘটন ৷ মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন যুৱক । দেওবাৰে বিয়লিভাগত মাছ মাৰিবলৈ বুলি গৈ সন্ধানহীন হৈ আছে যুৱকজন । যুৱকজন দ খাৱৈত পৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । যুৱকজন পলাশবাৰী বজাৰাপাৰাৰ অজিত দাস। ঘটনাস্থলীত উপস্থিত হৈছে NDRFৰ উদ্ধাৰকাৰী দল । কিন্তু এন্ধাৰ হোৱা বাবে উদ্ধাৰকাৰ্যত বাধাৰ সন্মুখীন হৈছে NDRFৰ দলটো ।
মাছ মাৰিবলৈ গৈ সন্ধানহীন যুৱক - flood
মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন যুৱক । দেওবাৰে বিয়লিভাগত মাছ মাৰিবলৈ বুলি গৈ সন্ধানহীন হৈ আছে যুৱকজন । যুৱকজন দ খাৱৈত পৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ।
youth missing in palashbari
উল্লেখ্য যে, মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ নদ-নদী সমূহৰ জলপৃষ্ঠ যঠেষ্ট বৃদ্ধি পাইছে ৷ তাৰোপৰি ৰাজ্যৰ ভিন্ন অঞ্চল এতিয়া বাঢ়নী পানীৰ কৱলত ৷ এই বছৰ বলীয়া বানে বৰ্তমানলৈকে প্ৰাণ লৈছে 20 জনকৈ লোকৰ ৷ তেনে পৰিপ্ৰেক্ষিতত এই দৰে মাছ ধৰিবলৈ গৈ যুৱকজন সন্ধানহীন হোৱাতো দুৰ্ভাগ্যজনক ৷
লগতে পঢ়ক :খোৱাঙত সন্ধানহীন ছাত্ৰঃ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সন্দেহ