ৰঙিয়া, 6 নৱেম্বৰ: পেলনীয়া বহু সামগ্ৰীক ন-ৰূপ প্ৰদান কৰি চৰ্চাত ৰঙিয়াৰ বনগাঁৱৰ চাহীল হুছেইন নামৰ এজন ছাত্ৰ ৷ পলিটেকনিকৰ দ্বিতীয় ষাণ্মাষিকৰ ছাত্র চাহীলে ডাঠ কাগজেৰে সাজিছে তাজমহল,তামোলৰ ঢকুৱাৰে সাজিছে জাহাজ ৷ লগতে পুৰণা নট্ আৰু বল্টুৰে সাজিছে এখন মটৰ চাইকেল ৷ আনকি লক ডাউনৰ সময়ছোৱাত ঘৰত এনেই থাকি সময় নষ্ট নকৰি চাহীলে সাজিবলৈ লৈছে একুৰিয়াম ৷ আইনা আৰু মটৰটোৰ বাহিৰে সকলো পেলনীয়া আৰু ঘৰতে উপলব্ধ সামগ্ৰীৰে সাজিছে একুৰিয়ামসমুহ ৷
প্ৰথম অৱস্থাত চখতেই ঘৰৰ বাবে একুৰিয়াম সাজিছিল যদিও,এতিয়া বহু লোকে গম পাই চাহীলৰ পৰা একুৰিয়াম কিনি লৈ গৈছে। উল্লেখ্য যে,চাহীলে একুৰিয়ামত ব্যৱহাৰ কৰা মাছবোৰো অসমতেই উপলব্ধ থলুৱা মাছ ।