অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত তিনিদিনৰ পৰা নিৰুদ্দেশ ৰঙিয়াৰ যুৱক - missing Akhtar Hussain

আকৌ নিৰুদ্দেশ অসম যুৱক ৷ এইবাৰ বহিঃৰাজ্যত বিগত তিনিদিনৰ পৰা নিৰুদ্দেশ হৈ আছে ৰঙিয়াৰ উদিয়ানাৰ যুৱক আখতাৰ হুছেইন (22) (Youth from Rangia missing for many days) ৷ কোনো দুষ্ট লোকে যুৱকজনক অপহৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

Youth from Rangia missing for many days
http://10.10.50.80//assam/25-August-2022/as-rangia-25aprirl-806-to-812-visbitephoto-missing-bandana-sarma-as10040_25082022124936_2508f_1661411976_1080.jpg

By

Published : Aug 25, 2022, 3:44 PM IST

ৰঙিয়া, 25 আগষ্ট : ৰঙিয়াৰ উদিয়ানা নিবাসী যুৱক এজন বহিঃৰাজ্যত বিগত তিনিদিনৰ পৰাই নিৰুদ্দেশ হৈ আছে (Youth from Rangia missing for many days) । খবৰ অনুসৰি, তামিলনাডুৰ পৰা অসমলৈ অহাৰ পথত নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম আখতাৰ হুছেইন (22) । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতি ৷

নিৰুদ্দেশ ৰঙিয়াৰ আখতাৰ হুছেইন

তথ্য অনুসৰি, তামিলনাডুৰ আনন্দ নগৰৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত ৰঙিয়াৰ যুৱকজনে সোমবাৰে নগাঁও এক্সপ্ৰেছৰ জৰিয়তে ৰঙিয়াস্থিত নিজ বাসগৃহলৈ উভতিবলৈ ৰাওনা হয় । কিন্তু সোমবাৰে বিয়লি আখতাৰ হুছেইনৰ ম’বাইল ফোনেৰে কোনোবা অচিনাকি হিন্দীভাষী লোকে ঘৰলৈ ফোন কৰি নিজকে ৰে’ল আৰক্ষী বুলি পৰিচয় দি পৰিয়ালৰ লোকক 1600 টকা দিবলৈ কয় ।

আখতাৰৰ ঘৰলৈ ফোন কৰা লোকজনে যুৱকজনৰ লগত ধপাঁত উদ্ধাৰ হোৱা বুলি উল্লেখ কৰি জৰিমনাৰ বাবদ 1600 টকা দিব লাগিব বুলি জনাইছিল পৰিয়ালৰ লোকক । লগতে বাৰকোডৰ জড়িয়তে সোনকালে 1600 টকা আদায় দিবলৈ তাগিদা দিছিল । ইফালে পৰিয়ালৰ লোকে এদিন পিছত 1600 টকা যোগাৰ কৰি অচিনাকি লোকজনে দিয়া বাৰকোডৰ জড়িয়তে টকাখিনি অনলাইন যোগে পঠিয়াই দিয়ে ।

https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-rangia-25aprirl-806-to-812-visbitephoto-missing-bandana-sarma-as10040_25082022124936_2508f_1661411976_1080.jpg

কিন্তু এই ঘটনাৰ পিছৰে পৰা পৰিয়ালৰ লোকে যুৱকজনৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই । উক্ত বিষয়টো সন্দৰ্ভত সহায় বিচাৰি পৰিয়ালটো ৰে’ল আৰক্ষীৰ কাষ চাপে যদিও ৰে’ল আৰক্ষীৰ তৰফৰ পৰা বিশেষ সঁহাৰি লাভ নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ।

পৰিয়ালবৰ্গই সন্দেহ কৰিছে যে ৰে’ল আৰক্ষীৰ নাম লৈ কোনো দুষ্ট চক্ৰই আখতাৰ হুছেইনক অপহৰণ কৰি নিছে (Missing Akhtar Hussain)। বহু বিচাৰ-খোচাৰ কৰিও একমাত্ৰ পুত্ৰৰ কোনো সন্ধান উলিয়াব নোৱাৰাত চিন্তাত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে আত্মীয়-স্বজন ।

লগতে পঢ়ক :লম্পট অধ্যক্ষ, মেছেঞ্জাৰত ছাত্ৰীৰ লগত অশ্লীল বাৰ্তালাপ

ABOUT THE AUTHOR

...view details