ৰঙিয়া, ১৩ আগষ্ট: ৭৭ তম্ স্বাধীনতা দিৱসত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মহিলা সবলীকৰণ অভিযান "শক্তি ছুপাৰ চি"ৰ লগত সংগতি ৰাখি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ দিল্লীৰ মুখ্য কাৰ্যালয়ৰ লগতে দেশৰ সমূহ ৰাজ্য,জিলা আৰু সমষ্টিত যুৱ কংগ্ৰেছৰ উদ্যোগত পতাকা উত্তোলন কাৰ্যসূচী মহিলাৰ দ্বাৰা সম্পন্ন কৰা হ'ব ।
এই কথা এখন সংবাদমেল যোগে সদৰী কৰিছে কামৰূপ জিলা যুৱ কংগ্ৰেছে । কামৰূপ জিলা যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক ৰুহুল আমিনে শক্তি ছুপাৰ চি অভিযানৰ বিষয়ে ব্যাখ্যা কৰে ।
তেওঁ কয় যে শক্তি ছুপাৰ চি হৈছে নাৰী সবলিকৰণৰ দিশত যুৱ কংগ্ৰেছৰ অন্যতম প্ৰয়াস । এই অভিযানত সমাজৰ প্ৰতিটো স্তৰৰ মহিলাই অংশগ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে যুৱ কংগ্ৰেছৰ ৱেব প'ৰ্টেলৰ জৰিয়তে প্ৰতিগৰাকী ইচ্ছুক মহিলাই বিনামূলীয়াকৈ নিজৰ নাম এই অভিযানত অন্তৰ্ভুক্ত কৰিব পাৰিব ।
এই অভিযানত সংযুক্ত হ'বলৈ মহিলাসকলে কংগ্ৰেছৰ সদস্য নহলেও হ'ব বুলি উল্লেখ কৰি উপদেষ্টাগৰাকীয়ে কয় যে অভিযান সফল কৰিবলৈ জিলা কমিটীৰ সদস্যসকলে গাঁৱে গাঁৱে গৈ প্ৰয়োজন সাপেক্ষে মহিলাসকলক এই ক্লাৱত যোগদান কৰিবলৈ সহায়ৰ হাত আগবঢ়াব ।