অসম

assam

ETV Bharat / state

বকোত তৃতীয় বাৰ্ষিক ৰাভা হাছং উশ্বু প্ৰতিযোগিতা - WUSHU COMPETITION

বঁটা বিতৰণী সভাত ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা উশ্বু খেলুৱৈ ইলিনা ৰাভা, মুহিধৰ ৰাভা, ডেইজী ৰাভাক সম্বৰ্ধনা জনোৱা হয় ।

WUSHU COMPETITION AT BOKO
বকোত তৃতীয় বাৰ্ষিক ৰাভা হাছং উশ্বু প্ৰতিযোগিতা

By

Published : Apr 12, 2021, 6:09 PM IST

বকো,12 এপ্ৰিল:কামৰূপ জিলাৰ বকোত ১০ এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা তৃতীয় বাৰ্ষিক ৰাভা হাছং উশ্বু ক্ৰীড়া প্ৰতিযোগিতাৰ সামৰণি পৰে । ল’ৰা আৰু ছোৱালী উভয় শাখাত চিনিয়ৰ, জুনিয়ৰ আৰু চাব জুনিয়ৰ পৰ্যায়ত অনুষ্ঠিত হোৱা খেলৰ শেষত বিজয়ী প্ৰতিযোগীসকলক পদক প্ৰদান কৰা হয় । বকো মজলীয়া বিদ্যালয়ৰ বাকৰিত আয়োজন কৰা প্ৰতিযোগিতাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদীয় এলেকাৰ ১৩০ গৰাকী উশ্বু খেলুৱৈসকলে অংশগ্ৰহণ কৰে ।

বকোত তৃতীয় বাৰ্ষিক ৰাভা হাছং উশ্বু প্ৰতিযোগিতা

বঁটা বিতৰণী সভাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্য ক্ৰমে সুমিত ৰাভা, আদিত্য ৰাভা, সোণাৰাম ৰাভা, শৰীৰ চৰ্চাবিদ গোলাপ ৰাভা, দক্ষিণ কামৰূপ জিলা বেঙ্গলী ফেডাৰেচনৰ সভাপতি সঞ্জয় চৌধুৰী, অমৰেন্দ্ৰ অধিকাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাখনত ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা উশ্বু খেলুৱৈ ইলিনা ৰাভা, মুহিধৰ ৰাভা, ডেইজী ৰাভাক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :ডেনমাৰ্কলৈ যাব ত্ৰিপুৰাৰ চাহপাত ‘নীৰমহল’

ABOUT THE AUTHOR

...view details