ৰঙিয়া, ৪ ডিচেম্বৰ:দেওবাৰে ৰাজ্য়ৰ বিভিন্ন ঠাইত বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় । ৰঙিয়াতো কালি সিদ্ধি নাথ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় । বিশ্ব দিব্যাংগ দিৱসৰ শুভাৰম্ভণি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কৰা হয় । পতাকা উত্তোলন কৰে দিব্যাংগ শিশুৰ পিতৃ ৰামেশ্বৰ বড়োৱে । পতাকা উত্তোলনৰ পিছত দিব্যাংগ শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ খেল -ধেমালি আৰু সঙ্গীত প্ৰতিযোগিতা অনুষ্ঠিত হয় । খেল-ধেমালিৰ পিছতেই বিদ্যালয়তেই এখন মুকলি সভাৰ আয়োজন কৰা হয় ।
ৰঙিয়া শিক্ষা খণ্ডৰ সহ-পৰিদৰ্শক মইনুল হক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সমন্বিত শিক্ষা বিভাগৰ সমল ব্যাক্তি দীপক বুজৰবৰুৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । এই সভাখনত ২০নং বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ বসুমতাৰী নিৰ্দিষ্ট বক্তা আৰু শিক্ষক তথা সাংস্কৃতিক কৰ্মী পঙ্কজ পল্লৱ শৰ্মা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে । মুকলি সভাত প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কৃত কৰা হয় । সভাখনত সভাপতি মইনুল হক চৌধুৰীয়ে দিব্যাংগ দিৱসৰ উদ্দেশ্যৰ বিষয়ে বিষয়ে ব্যাখ্যা কৰে ।