অসম

assam

ETV Bharat / state

বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে ৰঙিয়া মহাবিদ্যালয়ত বিশেষ সভা

বিশ্ব গ্ৰন্থ দিৱসৰ লগতে সংগতি ৰাখি ৰঙিয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ বাকৰিত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে এখন বিশেষ সভাৰ । মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাজি উলিওৱা প্ৰাচীৰ পত্ৰিকা 'বাঁহী' উন্মোচন কৰা হয় । অসমীয়া,বড়ো আৰু ইংৰাজী ভাষাত প্ৰাচীৰ পত্ৰিকা খনত লিখনি প্ৰকাশ কৰি উলিওৱা হৈছে ।

By

Published : Apr 23, 2021, 5:42 PM IST

বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে ৰঙিয়া মহাবিদ্যালয়ত বিশেষ সভা
বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে ৰঙিয়া মহাবিদ্যালয়ত বিশেষ সভা

ৰঙিয়া,২৩ এপ্ৰিল:সমগ্ৰ দেশতে পালন কৰা হৈছে বিশ্ব গ্ৰন্থ দিৱস । দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ বাকৰিত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে এখন বিশেষ সভাৰ । মহাবিদ‍্যালয়খনৰ অধ‍্যক্ষ ব্ৰজেন শইকীয়াৰ সভাপতিত্বত অনুস্থিত সভাখনত প্ৰবক্তাসকলে অধ্যয়নৰ ওপৰত আলোকপাত কৰে ।

বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে ৰঙিয়া মহাবিদ্যালয়ত বিশেষ সভা

কেইবাজনো বক্তাই ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ পঢ়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰাৰ লগতে গ্ৰন্থ পঢ়াৰ বাবে আহ্বান জনায় । ইয়াৰ উপৰিও বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাজি উলিওৱা প্ৰাচীৰ পত্ৰিকা 'বাঁহী' উন্মোচন কৰা হয় । প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে মহাবিদ্যালয়খনৰ অধ‍্যক্ষ ব্ৰজেন শইকীয়াই ।

অসমীয়া,বড়ো আৰু ইংৰাজী ভাষাত প্ৰাচীৰ পত্ৰিকা খনত লিখনি প্ৰকাশ কৰি উলিওৱা হৈছে । লগতে প্ৰচীৰ পত্ৰিকা খনত প্ৰতি মাহে অসমীয়া,বড়ো আৰু ইংৰাজী ভাষাত একোটাকৈ নতুন শব্দ সন্নিবিষ্ট কৰা হ'ব, যাতে ছাত্র-ছাত্ৰীসকলে নতুন নতুন শব্দৰ বিষয়ে শিকিব পাৰে ।

লগতে পঢ়ক:বিলাসীপাৰাত পুনৰ এগৰাকী মহিলা ক'ভিড-১৯ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details