অসম

assam

ETV Bharat / state

World Bank Team visit Assam: ৰঙিয়াৰ মহিলা কৃষকৰ শলাগ ল’লে ৱৰ্ল্ড বেংকৰ আঞ্চলিক সঞ্চালক চিচিল ফ্ৰ’মেনে - World Bank team appreciates the work of women

ৰঙিয়াত ৱৰ্ল্ড বেংক আৰু কৃষি বিভাগৰ এটা দল উপস্থিত হৈ অঞ্চলটোৰ কৃষকসকলক সাক্ষাৎ কৰে ৷ উত্তৰণ এফ পি চিৰ মিন পাম পৰিদৰ্শন কৰি উৎফুল্লিত ৱৰ্ল্ড বেংকৰ আঞ্চলিক সঞ্চালক (Regional director of World Bank) চিচিল ফ্ৰ’মেন ৷

World Bank team arrived in Rangia
ৰঙিয়াত ৱৰ্ল্ড বেংকৰ দল

By

Published : Jan 26, 2023, 9:57 AM IST

Updated : Jan 26, 2023, 10:58 AM IST

ৰঙিয়াত ৱৰ্ল্ড বেংকৰ দল

ৰঙিয়া, 26 জানুৱাৰী: বৃহস্পতিবাৰে ৰঙিয়াৰ গোসাঁই শ’লমাৰীত উপস্থিত হয় ৱৰ্ল্ড বেংক আৰু কৃষি বিভাগৰ এটা দল (World Bank Team visit Assam) ৷ অঞ্চলটোৰ কৃষকসকলৰ লগত মত বিনিময় কৰাৰ উদ্দেশ্যে উপস্থিত হয় দলটো ৷ দলটোৱে প্ৰথমে উত্তৰণ এফ পি চিৰ মিন পামখন পৰিদৰ্শন কৰে । ইফালে পামখনত উপস্থিত হোৱাৰ লগে লগে পামখনৰ এগৰাকী বিষয়াই ৱৰ্ল্ড বেংকৰ আঞ্চলিক সঞ্চালক (Regional director of World Bank) চিচিল ফ্ৰ’মেনক ফুলাম গামোচাৰে আদৰণি জনায় (Cecile Fruman regional director of World Bank)।

দলটোৱে পামখন পৰিদৰ্শনৰ সময়ছোৱাত অৰবিন্দ জামে নামৰ ৱৰ্ল্ড বেংকৰ আন এগৰাকী বিষয়াই চিচিল ফ্ৰ'মেনক (Cecile fruman in Assam) মিন পামখনৰ বিষয়ে সবিশেষ ব্যাখ্যা দাঙি ধৰে ৷ বিশেষকৈ পামখনত থকা পুখুৰীসমূহত মীন পালকসকলে কেনেদৰে মৎস্য উৎপাদন কৰি আহিছে এই বিষয়ে সবিস্তাৰে জনায় ।

কেইবা বিঘা মাটিকালিত বিস্তৃত হৈ থকা পামখন পৰিদৰ্শনৰ পিছত দলটোৱে গোসাঁই শ’লমাৰীৰ উদীয়মান কৃষক ঊষা নাথৰ সৈতে সাক্ষাৎ কৰে (World Bank team arrived in Rangia) । ইতিমধ্যে কম্বাইন হাৰ্ভেষ্টাৰেৰে খেতি চপাই সমাজৰ বাবে আদৰ্শ স্থাপন কৰা কৃষক ঊষা নাথে ৱৰ্ল্ড বেংকৰ দলটোক প্লাণ্টাৰ মেচিনেৰে কঠীয়া ৰুই দেখুৱাই । এগৰাকী মহিলাই খেতিপথাৰত আধুনিক প্লাণ্টাৰ মেচিন চলোৱা প্ৰত‍্যক্ষ কৰি ৱৰ্ল্ড বেংকৰ আঞ্চলিক সঞ্চালকগৰাকী যথেষ্ট উৎফুল্লিত হৈ পৰে ।

তেখেতে খেতি পথাৰৰ দাঁতিত ৰৈ ঊষা নাথৰ সৈতে দোভাষীৰ জৰিয়তে তেওঁলোকৰ কৃষিৰ পদ্ধতি সম্পৰ্কে কিছু আলোচনা কৰে । অঞ্চলটো ভ্ৰমণৰ অন্তত ৱৰ্ল্ড বেংকৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে এগৰাকী অসমীয়া মহিলাই হাতৰ সলনি মেছিনেৰে ভূঁই ৰুই খেতিপথাৰত আধুনিক যুগৰ সূচনা কৰিছে (World Bank team appreciates the work of women farmers)। সেয়া সঁচাকৈয়ে প্ৰশংসনীয় ৷ যথেষ্ট উৎসাহেৰে মহিলা সবলীকৰণৰ বিষয়ে উল্লেখ কৰি বিষয়া গৰাকীয়ে ঊষা নাথৰ আদৰ্শ গ্ৰহণ কৰি আৰু মহিলাসকল এনেদৰে আগুৱাই আহিলে সমাজখনৰ মহিলাসকল আৰু শক্তিশালী হ’ব বুলিও উল্লেখ কৰে ।

আনহাতে অসমৰ কৃষি ক্ষেত্ৰত আধুনিক মেচিনৰ ব্যৱহাৰ সম্পৰ্কে মন্তব্য কৰি তেওঁ কয় যে কৃষিৰ ক্ষেত্ৰখন আধুনিক পদ্ধতিৰ ব্যৱহাৰ শস্যৰ উৎপাদনৰ হাৰ বৃদ্ধি কৰাত সহায় কৰিব । যাৰ ফলত কৃষকসকল যথেষ্ট পৰিমাণে লাভৱান হ’ব । ইয়াৰ লগতে নিজৰ উৎপাদিত সামগ্ৰী স্থানীয় বজাৰত বিক্ৰী কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈও ৰপ্তানি কৰিবলৈ সক্ষম হ’ব । ভ্ৰমণৰ সময়চোৱাত ৱৰ্ল্ড বেংকৰ দলটোৰ সৈতে কৃষি বিভাগ, ARIAS society and International Rice Research Institute আৰু গুৱাহাটী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:MOU for Waste Disposal and Rehabilitation: তিনিচুকীয়া জিলা প্ৰশাসন আৰু-অইল ইণ্ডিয়াৰ মাজত বুজাবুজিৰ চুক্তি

Last Updated : Jan 26, 2023, 10:58 AM IST

ABOUT THE AUTHOR

...view details