গুৱাহাটী, 24 মে':ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বহিঃৰাজ্যৰ পৰা অহা লোকেৰে ইতিমধ্যেই ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মাণ কৰা কোৱাৰেন্টাইন কেন্দ্ৰসমূহ ৷ কিন্তু তাৰ মাজতে বহিঃৰাজ্যৰ পৰা অহাসকলক কোৱাৰেন্টাইনত ৰাখিবৰ বাবে জিলা প্ৰশাসনৰ সহযোগত নতুন নতুন কেন্দ্ৰ নিৰ্মাণ কৰি গৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷
চাংসাৰিত নতুন কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণৰ প্ৰস্তুতি প্ৰশাসনৰ
চাংসাৰিৰ "হেভেলচ" নামৰ উদ্যোগটোৰ কাম কাজ বন্ধ হৈ পৰাত উদ্যোগটোক বৰ্তমান সময়ত কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে ।
বৰ্তমান চাংসাৰিটো দেখা গৈছে কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণৰ বাবে যুদ্ধ সদৃশ ক্ষীপ্ৰতা ৷ চাংসাৰিৰ "হেভেলচ" নামৰ উদ্যোগটোৰ কাম কাজ বন্ধ হৈ পৰাত উদ্যোগটোক বৰ্তমান সময়ত কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে সাজু কৰিবলৈ লৈছে চৰকাৰে । প্ৰায় 50 হাজাৰ বৰ্গ ফুটৰ উদ্যোগটোৰ ভিতৰ চৰাত 350 জন ব্যক্তি থাকিব পৰাকৈ সাজু কৰি আছে চৰকাৰে । তাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে কৰ্মচাৰী সকলে ৷ 350 জন ব্যক্তি থকাৰ লগতে শৌচ প্ৰস্বাৱ কৰাৰ বাবে 50 টাৰো অধিক অস্থায়ী শৌচালয় নিৰ্মান কৰাৰো যোজা চলাইছে প্ৰশাসনে ৷
লগতে পঢ়কঃকৰ’ণাতংক: ৰাজ্যৰ শৈক্ষিক দিশ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ বৈঠক