অসম

assam

ETV Bharat / state

অচল তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ, ক্ষুব্ধ কৰ্মচাৰী - workers of apl enraged gainst govt.

প্ৰায় 6 শতাধিক কৰ্মচাৰী কৰ্মৰত হৈ থকা ৰঙিয়াৰ তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ এপল সম্প্ৰতি অচল ৷ এই উদ্যোগটো পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰ্মচাৰী সকলৰ ৷ যদিহে এনে নকৰে তেন্তে আগন্তুক সময়ত তেওঁলোক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব বুলি সকীয়নি প্ৰদান কৰে চৰকাৰক ৷

ক্ষুব্ধ কৰ্মচাৰী
ক্ষুব্ধ কৰ্মচাৰী

By

Published : Jul 31, 2020, 2:10 PM IST

ৰঙিয়া, 31 জুলাই :বিগত প্ৰায় 4 বছৰে বন্ধ হৈ আছে ৰঙিয়াৰ তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ এপল ৷ প্ৰায় 6 শতাধিক কৰ্মচাৰী কৰ্মৰত হৈ আছিল এই উদ্যোগত ৷ এই উদ্যোগটো পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা কেইবাবাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই পৰ্যন্ত কাৰ্যক্ষম নহ'ল সেই প্ৰতিশ্ৰুতি ৷ যাৰ বাবে শুকুৰবাৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে উদ্যাগটোৰ একাংশ কৰ্মচাৰীয়ে ৷ কিয়নো উদ্যোগটো বন্ধ হৈ যোৱাৰ ফলত সম্প্ৰতি যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে উদ্যোগটোত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলৰ পৰিয়ালে ৷ বহুকেইগৰাকী লোকে দিন হাজিৰা বা কোনো কাম কৰি ভাতমুঠি মোকলাই যদিও, লক্ ডাউন, বান আদিৰ বাবে সম্প্ৰতি বন্ধ হৈ পৰিছে তেওঁলোকৰ উপাৰ্জনৰ সেই বাট ৷

অচল তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ, ক্ষুব্ধ কৰ্মচাৰী

যদি কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰৰ কোনো দায়বদ্ধতা আছে, জাতি, মাটি, ভেটিৰ দোহাই দিয়া চৰকাৰে এই সকল খিলঞ্জীয়া লোকৰ বাবে অতি শীঘ্ৰেই কোনো উচিত ব্যৱস্থা কৰিব লাগে বুলি অনুৰোধ জনায় ক্ষুব্ধ কৰ্মচাৰীসকলে ৷ যদিহে চৰকাৰে তেওঁলোকৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক 15 আগষ্টৰ পাচত তেওঁলোকৰ এই ক্ষোভ ৰাজপথত প্ৰদৰ্শন কৰা হ'ব বুলি উল্লেখ কৰে তেওঁলোকে ৷ কিয়নো ইতিমধ্যে তেওঁলোকে ৰঙিয়াবাসীৰ লগতে কেইবাটাও দল-সংগঠৰ সমৰ্থন লাভ কৰিছে ৷

উল্লেখ্য যে, এই উদ্যোগত লগত জড়িত দুগৰাকীকৈ কৰ্মচাৰীয়ে ইতিমধ্যে আত্মহত্যাৰ দৰে চৰম পন্থাও বাছি লৈছে ৷ ইয়াৰ বিপৰীতে চিকিৎসাৰ অভাৱত মৃত্যু হৈছে বহুকেইগৰাকী কৰ্মচাৰীৰ ৷ ক্ষুব্ধ ৰাইজে শাসনাধীন চৰকাৰখনক পুঁজিপতি আখ্যা দি, নিৰ্বাচনৰ পূৰ্বে জাতীয় নায়ক হিচাপে পৰিগণিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই জাতীয় উদ্যোগটোৰ প্ৰতি অকণমান সহানুভুতি আগবঢ়াওক বুলি উল্লেখ কৰ তেওঁলোকে ৷

লগতে পঢ়ক:কেন্দ্ৰলৈ 204 কোটি টকাৰ আঁচনি প্ৰেৰণ কৰা হৈছে : ৰাজ্যপাল জগদীশ মুখী

ABOUT THE AUTHOR

...view details