ৰঙিয়া, 2 নৱেম্বৰ :মৰণফান্দ সদৃশ এখন দলঙেৰে দৈনিক যাত্ৰা ৰঙিয়াবাসী ৰাইজৰ ৷ মৰণফান্দত পৰিণত হৈছে ৰঙিয়াৰ কেকেনীকুছিৰ পুঠিমাৰী নৈৰ ওপৰত থকা এখন কাঠৰ দলং ৷ জৰাজীৰ্ণ কাঠৰ দলং খনেৰে স্থানীয় লোকসকলে মৰণক শৰণ দি যাতায়ত অব্যাহত ৰাখিছে ।
ৰাইজে জানিবলৈ দিয়া মতে এই দলং খনেৰে যাতায়ত নকৰিলে তেওঁলোকে অন্য পথেৰে প্ৰায় ২০/২৫ কিলোমিটাৰ ঘূৰি নিজৰ গন্তব্য স্থানলৈ যাব লগা হয় ৷ যিকোনো মূহুৰ্ততে পথচাৰীৰ বাবে বিপদ মাতি আনিব পাৰ দলং খনৰ বাবে এতিয়া দুঃশ্চিন্তাত পৰিছে পথটোৰে দৈনিক অহা যোৱা কৰা স্থানীয় ৰাইজ ৷