ৰঙিয়া, ২১ অক্টোবৰ:ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু বন বিভাগে । পিছে প্ৰত্যেক দিনাই আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি দুষ্টচক্ৰই চলাই গৈছে কাঠৰ চোৰাং সৰবৰাহ । এইবাৰ ভাৰতীয় সেনা জোৱানৰ পোচাক পিন্ধি চলালে কাঠৰ চোৰাং সৰবৰাহ ৷
এই ঘটনা সংঘটিত হৈছে ৰঙিয়াত ৷ ৰঙিয়া আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য । শুকুৰবাৰে এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই কেইবা লক্ষাধিক টকা মূল্যৰ চেগুন জব্দ কৰে (Wood smuggling at Rangia) ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, ৰঙিয়াৰ চেপ্তিত 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এখন সেনাৰ বাহনত আৰক্ষীয়ে অভিযান চলাই প্ৰায় পাঁচ লক্ষাধিক টকা মূল্যৰ চেগুন জব্দ কৰে ।
নাগালেণ্ডৰ পৰা বিহাৰলৈ NL 07 AA 1966 আৰু NL 07 AA 0854 নম্বৰৰ বাহন দুখনত On Army Staff Duty ষ্টিকাৰ ব্যৱহাৰ কৰি সৰবাৰহকাৰীজনে নিজে সেনা বাহিনীৰ পোছাক পৰিধান কৰি চোৰাং ভাৱে সৰবৰাহ কৰি লৈ যোৱা অৱস্থাতে আৰক্ষীৰ জালত পৰে ৷