বকো, ১২জুন:এক গোপন সূত্ৰৰ পম খেদি বামুনীগাঁও আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে শুকুৰবাৰে লামপাৰা মেজেঙাবৰীত এক অভিযান চলায় । বন বিষয়া কুশল দাসৰ নেতৃত্বত চলা এই অভিযানত ২৪টাকৈ অপৈণত শাল কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে আবদ্ধ কৰিলে এখন ডিআই বাহনো ।
বকোত শাল গছৰ অপৈণত কুণ্ডাভৰ্তি বাহন জব্দ - assam forest
বকো অঞ্চলত এক অভিযান চলাই বামুনীগাঁও আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটা দলে এখন কাঠভৰ্তি এখন ডিআই বাহন জব্দ কৰে । শুকুৰবাৰৰ এই সফল অভিযানৰ নেতৃত্ব দিছিল বন বিষয়া কুশল দাসে ।
বকোত শাল গছৰ অপৈণত কুণ্ডাভৰ্তি বাহন জব্দ
উল্লেখ্য যে অঞ্চলটোত পূৰ্বৰে পৰাই এচাম অসাধু চক্ৰই অপৈণত শাল গছ কাটি ব্যৱসায় চলাই আহিছে । বন ধ্বংসকাৰী এই অসাধু চক্ৰৰ বিৰুদ্ধে বন বিভাগৰ এই সফল অভিযানক বন্যপ্ৰেমী তথা অঞ্চলবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে ।
লগতে চাওকঃ ডিব্ৰুগড়ত দুধৰ্ষ আলফা সদস্য আটক
Last Updated : Jun 12, 2020, 5:27 PM IST