অসম

assam

ETV Bharat / state

মাইক্ৰ’ফাইনেঞ্চ (Microfinance)ৰ ঋণ ৰেহাইৰ দাবীত বাইহাটাত প্ৰতিবাদ - ঋণ ৰেহাইৰ দাবীত উত্তাল প্ৰতিবাদ

ৰাজ্যজুৰি অব্যাহত আছে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লোৱা মহিলাৰ প্ৰতিবাদ । বাইহাটাতো ঋণ ৰেহাইৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক মহিলাই ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ৷

womens-hold-protest-against-microfinance-in-baihata
মাইক্ৰ’ফাইনেঞ্চ (Microfinance)ৰ ঋণ ৰেহাইৰ দাবীত বাইহাটাত প্ৰতিবাদ

By

Published : Jun 16, 2021, 2:21 PM IST

বাইহাটা, 16 জুন : মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ ৰেহাইক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে ৷ বুধবাৰে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ ৰেহাই দিয়াৰ দাবীত প্ৰতিবাদত নামিল বাইহাটাৰ বহু মহিলা ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাক মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ঋণ মাফ কৰি দিবলৈ অনুৰোধ জনাইছে ৷

মাইক্ৰ’ফাইনেঞ্চ (Microfinance)ৰ ঋণ ৰেহাইৰ দাবীত বাইহাটাত প্ৰতিবাদ

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুৰ্হুতত বিজেপি(BJP) নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে নিৰ্বাচনী ৰেলীসমূহত বিশেষভাৱে মাইক্ৰ’ফাইনেঞ্চ (Microfinance) ৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেই সময়ত অসমৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্বত আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সভা-সমিতিয়ে কৈছিল, নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব পাৰিলে আইসকলৰ মাইক্ৰ’ফাইনেঞ্চ(Microfinance) ৰ ঋণ মাফ কৰা কথা । কিন্তু নিৰ্বাচনী যুঁজত জয়ী হৈ সকলো প্ৰতিশ্ৰুতি পাহৰিলে ড৹ শৰ্মাই ৷ এই অভিযোগ উত্থাপন কৰিছে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ৷

উল্লেখ্য যে, ৰাজ্যৰ চৰকাৰে শেহতীয়াকৈ ঋণ মুক্ত কৰাৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত বান্ধি দিছে ৷ চৰ্ত অনুসৰি ঋণ ৰেহাইৰ ক্ষেত্ৰত ঋণ লোৱা পৰিয়ালৰ বাৰ্ষিক আয় এক লাখ টকা হ'ব লাগিব ৷ পৰিয়ালটোত এজনতকৈ বেছি ঋণ লোৱা ব্যক্তি থাকিব নোৱাৰিব ৷

লগতে পঢ়ক: দলৰ সংকট: এআইচিচিৰ সম্পাদক ভূপেন বৰাই কি ক'লে ইটিভি ভাৰতক

ABOUT THE AUTHOR

...view details