অসম

assam

ETV Bharat / state

কুকুৰমাৰাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ মহিলাৰ - illegal wine shops at Kukurmara

আজি সন্ধিয়া কুকুৰমাৰা অঞ্চলৰ শতাধিক মহিলাই সুৰাৰ বিৰুদ্ধে এক অভিযান চলাই প্ৰায় ২৫ খন সুৰা বিক্ৰী কৰা দোকান উচ্ছেদ কৰে ৷ লগতে বহু সংখ্যক দেশী বিদেশী সুৰা জব্দ কৰি নষ্ট কৰি দিয়া হয় এই অভিযানত ৷

কুকুৰমাৰাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ মহিলাৰ

By

Published : Nov 10, 2019, 11:31 PM IST

কুকুৰমাৰা, 10 নৱেম্বৰঃদক্ষিণ কামৰূপৰ কুকুৰমাৰাত সুৰাৰ বিৰুদ্ধে মহিলাৰ অভিযান ৷ আজি সন্ধিয়া অঞ্চলটোৰ শতাধিক মহিলাই সুৰাৰ বিৰুদ্ধে এক অভিযান চলাই প্ৰায় ২৫ খন অবৈধভাৱে সুৰা বিক্ৰী কৰা দোকান উচ্ছেদ কৰে ৷ লগতে বহু সংখ্যক দেশী বিদেশী সুৰা জব্দ কৰি নষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে ৷ বৃহত্তৰ কুকুৰমাৰাত স্থায়ী-অস্থায়ী প্ৰায় ৫০ খনৰো অধিক দোকানে অবৈধভাৱে বিক্ৰী কৰি আহিছিল সুৰা ৷ ৰাইজে জনোৱা অনুসৰি বজাৰখনৰ বহু পান দোকান আৰু মনিহাৰী দোকানৰ লগতে গেলামালৰ দোকানতো বিক্ৰী হৈ আহিছে সুৰা ৷ আনহাতে শনিবাৰে সংস্কৃত ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰক লাডেন নামৰ এজন অবৈধ সুৰা ব্যৱসায়ীয়ে প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে ৷

কুকুৰমাৰাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ মহিলাৰ

উল্লেখযোগ্য যে, কুকুৰমাৰাত অবৈধভাৱে চলি থকা সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ বাবে অঞ্চলটোৰ একাংশ সচেতন ৰাইজৰ লগতে কেইবাটাও সংগঠনে বাৰাম্বাৰ আবকাৰী বিভাগক দাবী জনাই অহাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বিভাগটোৱে ৷ ইতিমধ্যে কেইদিনমানপূৰ্বে অঞ্চলটোৰ সহস্ৰাধিক মহিলাই সুৰা বন্ধ কৰাৰ দাবীত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰিছিল ৷ এই অবৈধ সুৰাৰ বেহা বন্ধ কৰাৰ বাবে আবকাৰী বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে অবৈধ সুৰা ব্যৱসায়ীৰ পৰা মাহিলী ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details