অসম

assam

ETV Bharat / state

পলু পালনেৰে স্বাৱলম্বী হৈ উঠিছে মধুকুছিৰ মহিলা - producing silk

ৰঙিয়াৰ মধুকুছি গাঁৱৰ মহিলাসকলে পাট পলু পালন কৰি লাভাৱান হোৱা দেখা গৈছে । এই মহিলা সকলে আজৰি সময়ত পাট পলুক নূনী গছৰ পাট খাদ্য হিচাপে দি পাট সুতা প্ৰস্তুত কৰে ৷

পলু পালনেৰে স্বাৱলম্বী হৈ উঠিছে মধুকুছিৰ মহিলা
পলু পালনেৰে স্বাৱলম্বী হৈ উঠিছে মধুকুছিৰ মহিলা

By

Published : Oct 16, 2020, 6:35 PM IST

মধুকুছি, 16 অক্টোবৰ:পাট পলু পালনেৰে স্বাৱলম্বী হৈছে ৰঙিয়াৰ এখন গাঁৱৰ মহিলা । ৰঙিয়াৰ মধুকুছি গাঁৱৰ মহিলাসকলে পাট পলু পালন কৰি লাভৱান হোৱা দেখা গৈছে । এই মহিলা সকলে আজৰি সময়ত পাট পলুক নূনী গছৰ পাট খাদ্য হিচাপে দিয়ে । এনেদৰেই চাৰি সপ্তাহ থকাৰ পিচত পাট সুতা প্ৰস্তুত হৈ উঠে ।

পলু পালনেৰে স্বাৱলম্বী হৈ উঠিছে মধুকুছিৰ মহিলা

এই পাট সুতাৰে মহিলা সকলে ঘৰতে পাটৰ চাদৰ,পাটৰ মেখেলা আৰু পাটৰ গামোচা প্ৰস্তুত কৰে । উল্লেখ্য যে, বজাৰত যথেষ্ট চাহিদা থকা পাটৰ এই বস্ত্ৰবোৰ বজাৰত বিক্ৰী কৰি নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় হৈছে । যদিহে চৰকাৰে এই মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়ায় তেন্তে অনাগত সময়ত অধিক লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:লেজাই কলাখোৱাৰ বানে ধোৱা পথাৰত নজ্বলে কঙালীৰ বন্তি

ABOUT THE AUTHOR

...view details