অসম

assam

By

Published : Aug 22, 2020, 8:22 PM IST

ETV Bharat / state

নিৰুদ্দিষ্ট বোৱাৰীক কেন্দ্ৰ কৰি বাইহাটাত চাঞ্চল্য

বিবাহৰ ছয়মাহ পাছতে স্বামীয়ে কৃষ্ণাৰ সৈতে বিবাহ বিচ্ছেদ কৰিব বিচৰা বুলি জানিবলৈ দিয়ে কৃষ্ণাৰ পৰিয়ালৰ লোকে ৷ কৃষ্ণা নিৰুদ্দিষ্ট হোৱাত স্বামী পৰিয়ালৰ হাত আছে বুলি অভিযোগ কৰে কৃষ্ণাৰ পৰিয়ালে ৷

Baihata Chariyali
Baihata Chariyali

কামৰূপ, 22 আগষ্টঃবাইহাটা চাৰিআলিত এগৰাকী বোৱাৰীৰ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত তুলসী খৰিকটাৰ বোৱাৰী আৰু তিতকুছি গাঁৱৰ জীয়ৰী কৃষ্ণা ডেকা ১১ আগষ্টৰ পুৱাই নিৰুদ্দেশ হয় ৷ কৃষ্ণাৰ নিৰুদ্দেশৰ খবৰ ফোনযোগে স্বামী অৱনি ডেকাই অৱগত কৰে কৃষ্ণাৰ পিতৃক । লগে লগে কৃষ্ণাৰ বিচাৰ-খোচাৰ আৰম্ভ কৰে পিতৃ পৰিয়ালে । কৃষ্ণাৰ পিতৃ পৰিয়ালৰ ভাষ্য অনুসৰি, পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত বিশেষ চিন্তিত নহয় স্বামী অৱনি ডেকা ৷

লগতে পঢ়কঃটিংখাঙত CAAৰ বিৰোধিতাৰে ঐক্য মঞ্চৰ সংবাদমেল

ইয়াৰোপৰি বিগত কিছু দিনৰ পৰা মানসিকভাৱে কিছু দুৰ্বল হৈ পৰিছিল নিৰুদ্দিষ্ট কৃষ্ণা ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, বিবাহৰ পাছতে কৃষ্ণাৰ ওপৰত স্বামী পৰিয়ালে চলাইছিল নিৰ্যাতন ৷ ইয়াৰোপৰি বিবাহৰ ছয়মাহ পাছতে স্বামীয়ে কৃষ্ণাৰ সৈতে বিবাহ বিচ্ছেদ কৰিব বিচৰা বুলি জানিবলৈ দিয়ে কৃষ্ণাৰ পৰিয়ালৰ লোকে ৷ কৃষ্ণা নিৰুদ্দিষ্ট হোৱাত স্বামী পৰিয়ালৰ হাত আছে বুলি অভিযোগ কৰে কৃষ্ণাৰ পৰিয়ালে ৷

বাইহাটাত নিৰুদ্দিষ্ট বোৱাৰী

আনফালে এই সকলো অভিযোগ অস্বীকাৰ কৰে কৃষ্ণাৰ স্বামীয়ে । ঘটনা সন্দৰ্ভথ কৃষ্ণাৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে । লগতে কোনো কৃষ্ণাৰ সন্ধান পালে আৰক্ষীৰ লগত যোগা-যোগ কৰিবলৈ আহ্বান জনাইছে ৷

বাইহাটাত নিৰুদ্দিষ্ট বোৱাৰী

ABOUT THE AUTHOR

...view details