অসম

assam

ETV Bharat / state

প্লেণ্টাৰ মেছিনেৰে কৃষিকৰ্ম কৰি পথ প্ৰদৰ্শক হ’ল ৰঙিয়াৰ এগৰাকী মহিলা - woman farming through Planter Machine

এগৰাকী নাৰীয়ে স্থিৰ কৰি ললে পৃথিৱীত কৰিব নোৱাৰা কাম একো নাই। এই কথা পুনৰ সত‍্য বুলি প্ৰতিপন্ন কৰিছে ৰঙিয়াৰ গোসাঁই শ'লমাৰীৰ উষা নাথে ৷ প্লেণ্টাৰ মেছিন চলাবলৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰি কৃষি পথাৰত বড়োধানৰ কঠিয়া ৰুইছে মহিলাগৰাকীয়ে (woman farming through Planter Machine ) ৷

প্লেণ্টাৰ মেছিনেৰে কৃষিকৰ্ম কৰি পথ প্ৰদৰ্শক হ’ল ৰঙিয়াৰ এগৰাকী মহিলা
প্লেণ্টাৰ মেছিনেৰে কৃষিকৰ্ম কৰি পথ প্ৰদৰ্শক হ’ল ৰঙিয়াৰ এগৰাকী মহিলা

By

Published : Mar 5, 2022, 10:00 PM IST

ৰঙিয়া, 5 মাৰ্চ : যি সময়ত কৰ্ম সংস্থাপন বিছাৰি বহিৰাজ্যলৈ ঢাপলি মেলিছে অসমৰ শ-শ যুৱক-যুৱতী ঠিক সেই সময়তে এই গৰাকী মহিলাই খৰালীৰ পথাৰত অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম । হয় ৰঙিয়াৰ উষা নাথ এগৰাকী দৃঢ়মনা মহিলা ৷ জন চফল ডেকাৰ দৰে কাম-কাজ তেওঁৰ । কথাতে কয় নহয় এগৰাকী নাৰীয়ে স্থিৰ কৰি ল’লে পৃথিৱীত কৰিব নোৱাৰা কাম একো নাই । এই কথা সত্য বুলি প্ৰতিপন্ন কৰিছে ৰঙিয়াৰ গোসাঁই শ'লমাৰীৰ এগৰাকী মহিলাই ৷ অত্যাধুনিক ভুই ৰোৱা মেছিন 'প্লেণ্টাৰ'ৰ জৰিয়তে কৃষি পথাৰত বড়োধানৰ কঠিয়া ৰুইছে অঞ্চলটোৰ অন্যতম প্ৰতিষ্ঠিত কৃষক উষা নাথ (woman from Rangiya set example by farming) ৷

প্লেণ্টাৰ মেছিনেৰে কৃষিকৰ্ম কৰি পথ প্ৰদৰ্শক হ’ল ৰঙিয়াৰ এগৰাকী মহিলা

'প্লেণ্টাৰ' নামৰ এই মেছিনটোৰে এঘণ্টাৰ ভিতৰত দুই বিঘা মাটিত কঠিয়া ৰোৱাৰ লগতে ৰুৱনীৰ খৰচ আৰু সময়ৰো যথেষ্ট ৰাহি কৰিব পাৰি । উষা নাথ আৰু তেওঁৰ স্বামীয়ে এই মেছিনেৰে কঠিয়া ৰুবলৈ পুৰণি পৰম্পৰাগত পদ্ধতিৰ সলনি আধুনিক হাইড্ৰ'পনিক পদ্ধতিৰে কঠিয়া উৎপাদন কৰিছে ৷ ইয়াৰ উপৰিও উষা নাথ আৰু স্বামী হেমন্ত নাথে ঘৰতেই উৎপাদন কৰা কেঁচুসাৰ খেতিপথাৰত প্ৰয়োগ কৰি উৎপাদিত শস্যৰ গুণাগুণৰ প্ৰতিও চোকা দৃষ্টি ৰাখিছে ।

জানিব পৰা মতে, উষা নাথে প্লেণ্টাৰ মেছিন চলাবলৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । উষা নাথ আৰু হেমন্ত নাথে জৈৱিক সাৰ আৰু উন্নত বীজৰ জৰিয়তে পূৰ্বতেও যথেষ্ট পৰিমাণে লাভৱান হৈ আহিছে বুলি জানিবলৈ দিয়ে ।

সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱা উষা নাথ আৰু হেমন্ত নাথে পৰম্পৰাগত কৃষি পদ্ধতিৰ সলনি অত্যাধুনিক মেছিনৰ সহায়ত উন্নতমানৰ বীজ তথা পদ্ধতিৰে খেতিপথাৰত সেউজ বিপ্লৱ আনিবলৈ অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে । আধুনিক কৃষি পদ্ধতিৰে নিজৰ পথাৰখন পৰিপূৰ্ণ কৰি তুলিবলৈ চেষ্টা কৰা এই দুইগৰাকী স্বামী স্ত্ৰী অঞ্চলটোৰ বাবে সম্প্ৰতি প্ৰেৰণাৰ উৎস ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details