ৰঙিয়া , 25 আগষ্ট : বিগত 9 মাহে সন্ধানহীন হৈ আছে চিকিৎসালয়লৈ বুলি ঘৰৰ পৰা ওলাই অহা ৰঙিয়াৰ এগৰাকী মহিলা ৷ 9 মাহ পূৰ্বে বাইহাটা চাৰিআলিৰ চিকিৎসালয়ত চিকিৎসা কৰিবলৈ আহি ৰঙিয়াৰ বৰশিলৰ পাপৰি দাস(27) নামৰ মহিলাগৰাকী আজিও সন্ধানহীন হৈ আছে ৷ পত্নীৰ কোনো সন্ধান লাভ নকৰি এতিয়া নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে ব্যৱসায়ী তথা পথচাৰীক পত্নীৰ ফটো দেখুৱাই বিচাৰিবলৈ চেষ্টা কৰিছে ৷
নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে এই পৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ মহিলাগৰাকীৰ আত্মীয় স্বজন তথা পৰিচিত লোকৰ ঘৰত খা-খবৰ কৰিও কোনো শুংসূত্ৰ উলিওৱাত ব্যৰ্থ হৈ এতিয়া চিন্তিত হৈ পৰিছে মহিলাগৰাকীৰ স্বামী ৷ কোনো দুষ্ট চক্ৰই মহিলাগৰাকীক নি ক'ৰবাত বিক্ৰী কৰা বুলিও মহিলাগৰাকীৰ স্বামীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷