উত্তৰ গুৱাহাটী, 30 জানুৱাৰীঃৰাজ্যত পুনৰ ধৰ্মীয় নিৰ্যাতনৰ বলি হ'ল এগৰাকী মহিলা ৷ নিৰ্যাতন ইমানেই ভয়াৱহ যে, আত্মহননৰ স্বৰম মুহূৰ্তত ফে'চবুক লাইভ কৰি নিজৰ ওপৰত হোৱা অত্যাচাৰৰ বৰ্ণনা কৰে খোদ মহিলাগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ভাষ্য অনুসৰি, প্ৰেমক সাৰ্থক ৰূপ দিয়াৰ বাবে উত্তৰ গুৱাহাটীৰ আজিজুল হক নামৰ যুৱকজনৰ স'তে বিয়াত বহে হাজোৰ দমদমাৰ হিন্দু সম্প্ৰদায়ৰ যুৱতীগৰাকী। কিন্তু হিন্দু যুৱতীক ঘৰলৈ অনাৰ বাবে অথন্তৰ ঘটিল আজিজুলৰ জীৱনত ৷ অন্য সম্প্ৰদায়ৰ হোৱাৰ বাবে আজিজুলৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বলি হয় আজিজুলৰ পত্নী ৷ আজিজুলৰ পৰিয়ালৰ দাবী, পত্নীক খেদি নিজ ধৰ্মৰ ছোৱালী বিয়া কৰাব লাগে আজিজুলে। কিন্তু মৰি গ’লেও পত্নীক এৰিব নোৱাৰে বুলি মন্তব্য কৰে আজিজুলে।
আজিজুলৰ মাতৃ, ভগ্নী আৰু ভনীজোৱাঁয়েকে মিলি মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে আজিজুলৰ পত্নীয়ে। ইয়াৰোপৰি পত্নীক খেদি নপঠিওৱাৰ বাবে আজিজুলৰ ওপৰতো মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ওপৰত । ইমানতে ক্ষান্ত নাথাকি, বৰ ৰংমহল গাঁৱৰ একাংশ লোকে আজিজুলক আৰু পৰিয়ালক বলপূৰ্বকভাৱে পৈত্ৰিক সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ চেষ্টা চলোৱা অভিযোগ উত্থাপন কৰে আজিজুলে । ইমানেই নহয়, একাংশলোকে মাৰপিট কৰি আজিজুলৰ পৰা মাটিৰ দলিলত চহী লোৱা বুলিও জনায় আজিজুলে।