ছয়গাঁও, 8 ছেপ্টেম্বৰঃ শনিবাৰে নিশা ছয়গাঁৱৰ নিকটৱৰ্তী নতুন জাৰাবাৰী গাঁৱত এগৰাকী মহিলাৰ সৰ্প দংশনত মৃত্যু হয় ৷ মৃত মহিলা গৰাকী পুলিন সাউদৰ পত্নী পূৰ্ণিমা সাউদ বুলি জানিব পৰা গৈছে৷
ছয়গাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু - পূৰ্ণিমা সাউদ
ছয়গাঁৱৰ নিকটৱৰ্তী নতুন জাৰাবাৰী গাঁৱত এগৰাকী মহিলাৰ সৰ্প দংশনত মৃত্যু হয় ৷ মৃত মহিলা গৰাকী পুলিন সাউদৰ পত্নী পূৰ্ণিমা সাউদ ৷

ছয়গাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু
ছয়গাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু
শনিবাৰে নিশা মহিলা গৰাকী ঘৰুৱা কামত ঘৰৰ সন্মুখৰ বাটলৈ ওলাই আহোতে হঠাৎ এডাল বিষাক্ত সাপে তেওঁক দংশন কৰে৷ নিশাই ততাতৈয়াকৈ মহিলা গৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে৷