অসম

assam

ETV Bharat / state

প্ৰৱল ঘূৰ্ণী বতাহৰ মাজতে বকোত মহিলাৰ মৃত্যু

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বুধবাৰে নিশা সংঘটিত হোৱা ঘূৰ্ণী বতাহে তচনচ কৰে বকোৰ বিস্তৃৰ্ণ অঞ্চল ৷ ঘূৰ্ণী বতাহে চলোৱা তাণ্ডৱত হাচিনা খাতুন নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় ৷

By

Published : Apr 8, 2021, 12:00 PM IST

Updated : Apr 8, 2021, 12:49 PM IST

ঘূৰ্ণী বতাহৰ তাণ্ডৱত বকোত মহিলাৰ মৃত্যু
ঘূৰ্ণী বতাহৰ তাণ্ডৱত বকোত মহিলাৰ মৃত্যু

বকো, 8 এপ্ৰিল : বুধবাৰে নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰ্ণী বতাহে চলালে তাণ্ডৱ ৷ বতাহৰ তাণ্ডৱত বিস্তাৰ ভাৱে ক্ষতিগ্ৰস্ত হ'ল বকোৰ বিস্তৃৰ্ণ অঞ্চল ৷ নিশা সংঘটিত হোৱা ধুমুহাই তচনচ কৰে শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, স্থানীয় বিদ্যালয়ৰ লগতে বিদ্যুৎৰ খুঁটা ৷ ধুমুহাত বাসগৃহ ভাঙি ছয়গাঁৱৰ 2 নং টপাৰপথাৰত মৃত্যু হয় এগৰাকী মহিলাৰ ৷ হাচিনা খাতুন নামৰ মহিলা গৰাকীৰ ওপৰত বাসগৃহ ভাঙি পৰাৰ ফলতে থিতাতে মৃত্যুক আঁকোৱালি লয় ৷

প্ৰৱল ঘূৰ্ণী বতাহৰ মাজতে বকোত মহিলাৰ মৃত্যু

অঞ্চলটোৰ কেইবাটাও স্থানত বৈদ্যুতিক তাঁৰ ছিঙি যোৱাৰ লগতে বাসগৃহৰ ওপৰতে খুঁটাও উভালি পৰে । ধুমুহাত বিধ্বস্ত হৈ পৰা বহু পৰিয়ালৰ সা-সামগ্ৰী নষ্ট হোৱাৰ লগতে ৰাজহুৱা অনুষ্ঠান আদিও তচনচ হৈ পৰে । বকোৰ সোণতলী, কালাতলীৰ লগতে ছয়গাঁৱৰ জোৰশিমুলী, আচলপাৰা, বাতাহিদিয়া আদি ঠাইত ঘূৰ্ণী বতাহে তাণ্ডৱ চলায় ।

লগতে পঢ়ক: চৰাইপুং বৰ্ষাৰণ্যত চোৰাং কাঠ ব্য়ৱসায়ীৰ চকু

Last Updated : Apr 8, 2021, 12:49 PM IST

ABOUT THE AUTHOR

...view details