অসম

assam

By

Published : Jul 14, 2021, 9:50 PM IST

Updated : Jul 15, 2021, 7:20 PM IST

ETV Bharat / state

গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত বিপদত পেলাব নেকি গেৰুৱা দলক ?

12 জুলাইত অসম বিধানসভাৰ মজিয়াত শাসকীয় বিজেপি দলে ‘গো-সংৰক্ষণ বিধেয়ক 2021’ (Cattle Preservation Bill) উত্থাপন কৰিছিল ৷ কিন্তু এই বিধেয়কখনে প্ৰভাৱ পেলাব পাৰে উত্তৰ-পূৱত গেৰুৱা দলৰ শেহতীয়া উত্থানত ৷ কাৰণ উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যত গো-মাংস এবিধ সুস্বাদু খাদ্য ৷ ইয়াৰ উপৰিও এই বিধেয় উত্তৰ-পূৱৰ অৰ্থনীতিকো প্ৰভাৱান্বিত কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

Will cow legislation in Assam shadow BJP's saffron agenda in NE?
অসমৰ গো-সুৰক্ষা বিধেয়কে উত্তৰ পূৱত আশাহত কৰিব নেকি বিজেপিক ?

বিধানসভাৰ মজিয়াত সদ্য উত্থাপিত ‘গো-সংৰক্ষণ বিধেয়ক’খনে উত্তৰ-পূৱত গেৰুৱা দলৰ শেহতীয়া উত্থানত প্ৰভাৱ পেলাব পাৰে ৷ কাৰণ খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলৰ বাবে গো-মাংস হ’ল এবিধ সুস্বাদু খাদ্য ৷ ইয়াৰ উপৰিও বিধেয়কখন সদনৰ মজিয়াত উত্থাপন কৰা সময়টোও উত্তৰ-পূৱৰ আন তিনিখন ৰাজ্য ক্ৰমে মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ 2023 ৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দলটোৰ উত্থানৰ ক্ষেত্ৰত চিন্তাৰ কাৰণ হ’ব পাৰে ৷

সোমবাৰে বিধানসভাৰ মজিয়াত শাসকীয়া বিজেপি দলে ‘গো-সংৰক্ষণ বিধেয়ক 2021’ (Cattle Preservation Bill) উত্থাপন কৰিছিল ৷ এই বিধেয়কখন চলি থকা অসম বিধানসভাৰ বাজেট অধিৱেশনতে গৃহীত হোৱাৰ সম্ভাৱনা আছে ৷ এই বিধেয়কত উল্লেখ কৰা অনুসৰি গো-হত্যা, গো-মাংসৰ বিক্ৰী আৰু গৰু সৰবৰাহত বাধা আৰোপ কৰা হৈছে ৷ উত্তৰ-পূৱৰ ৰাজ্যসমূহে আশংকা কৰিছে যে, অসম চৰকাৰৰ এই সিদ্ধান্তই কেৱল ইয়াৰ লোকসকলে প্ৰভাৱিত কৰাই নহয় সমগ্ৰ উত্তৰ-পূৱৰে অৰ্থনৈতিক ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব ৷

কেৱল গো-হত্যা আৰু গো-মাংস বৃদ্ধি বন্ধ কৰাই নহয় এই বিধেয়কৰ জৰিয়তে অসম চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰুৰ অবৈধ সৰবাৰহ ৰোধৰ বাবেও চেষ্টা চলাব ৷

অসমৰ মাজেৰে গৰুৰ সৰবৰাহ বন্ধই অন্যান্য উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্য ক্ৰমে মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাক প্ৰভাৱান্বিত কৰিব ৷ কাৰণ অসম কেৱল উৎসই নহয়, ই অন্য ৰাজ্যলৈ গৰু সৰবৰাহৰ ট্ৰানজিট ৰুট(Transit route) ৷ অৱশ্যে এই বিধেয়ক সন্দৰ্ভত মিজোৰাম, নাগালেণ্ডৰ দৰে খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যই এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে, অসম এই বিধেয়কে মেঘালয়ৰ অৰ্থনীতিত প্ৰভাৱ পেলালে তেওঁলোকে এইক্ষেত্ৰত কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিব ৷ বিধানসভাৰ মজিয়াত উত্থাপিত এই বিধেয়কখন বিৰোধী দল কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফে বিৰোধিতা কৰিছে ৷ তাৰ সমান্তৰালকৈ নাগালেণ্ড কংগ্ৰেছেও এই বিধেয়কে সমগ্ৰ উত্তৰ-পূৱৰ সহজাত বাণিজ্য আৰু খাদ্যাভাষৰ প্ৰতি ভাবুকি আনিব বুলি মন্তব্য কৰিছে ৷

বিধেয়কখন সন্দৰ্ভত মন্তব্য কৰি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কে থেৰীয়ে কয়, "ই শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি ভাবুকি ৷ এই বিধেয়কখন ভাৰতৰ গো-সংৰক্ষণ বিধেয়কৰ অনুকৰণ ৷ যিহেতু আমি মূল ভূ-খণ্ডৰ সৈতে মিলিবলৈ আমাৰ খাদ্যাভাস আৰু সংস্কৃতি সলনি কৰিব নোৱাৰো, গতিকে আমি সহনশীল হোৱা জৰুৰী ৷" তেওঁ লগতে কয়, "অসমৰ নিজৰ বাবে আইন প্ৰণয়ন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু চৰকাৰখনে পাহৰি যোৱা উচিত নহয় যে আমি ঐক্যৰাজ্য আৰু আমি অৰ্থনৈতিকভাৱে এখনে আনখনৰ ওপৰত নিৰ্ভৰশীল ৷ "

এইখিনিতে উল্লেখ কৰিব লাগিব যে, অৰুণাচল প্ৰদেশ, মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত এই পৰ্যন্ত গো-হত্যা নিষিদ্ধ কৰা হোৱা নাই ৷ ই কেৱল অসমতেই এগৰাকী পশু চিকিৎসকৰ দ্বাৰা জাৰি কৰা গো-হত্যাৰ বাবে উপযুক্ত প্ৰমাণ পত্ৰৰ অধীনত নিয়ন্ত্ৰিত হৈ আছে ৷ যদিও 1939 চনত তেতিয়াৰ মণিপুৰৰ ৰজাই ৰাজ্যখনত গো-মাংস নিষিদ্ধ কৰিছিল, কিন্তু গো-মাংস ভক্ষণত স্বাধীনতা থকাৰ বাবে এই আদেশক কাৰ্যতঃ ৰূপায়ন কৰিব পৰা হোৱা নাছিল ৷

যদিও অসম, অৰুণচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰাত বিজেপি শাসনত আছে কিন্তু নাগালেণ্ড, মিজোৰাম, মেঘালয়ত গেৰুৱা দলটোৱে এতিয়াও নিজৰ ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱা নাই ৷ 2018 চনৰ মিজোৰামৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দলটোৱে কেৱল 1 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, একেটা বছৰতে অনুষ্ঠিত মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত ক্ৰমে দুখন আৰু 12 খন আসন লাভ কৰিছিল বিজেপিয়ে ৷

তিনিখনকৈ অনা বিজেপি ৰাজ্য ক্ৰমে মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ 2023 চনৰ বিধানসভা নিৰ্বাচন আৰু মণিপুৰৰ সমাগত 2022 চনৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দলটোৱে গো-আইনখন কেনেদৰে নিয়ন্ত্ৰণ কৰে আৰু অসমতো এই আইনখন কাৰ্যকৰী কৰাৰ ফলত সৃষ্টি হ’বলগীয়া সাম্ভাব্য পৰিস্থিতি কেনেদৰে নিয়ন্ত্ৰণ কৰে সেইয়া লক্ষণীয় হ’ব ৷

-অনুপ শৰ্মা, সহকাৰী বাৰ্তা সম্পাদক, ইটিভি ভাৰত

Last Updated : Jul 15, 2021, 7:20 PM IST

ABOUT THE AUTHOR

...view details