বকো,6 জুলাইঃকৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে তাণ্ডৱ চলাই থকাৰ সমান্তৰাল ভাৱে ৰাজ্যত বৰ্তি আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ অসম মেঘালয় সীমান্তৱৰ্তী কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত হাহিম অঞ্চলতো বন্যহস্তীয়ে যোৱা কিছুদিনৰ পৰা অঞ্চলটোৰ ৰাইজৰ টোপনি হৰিছে । প্ৰায় ৪০ টা মান বনৰীয়া হাতীৰ এটা দলে উপদ্ৰৱ চলাই আছে হাহিম অঞ্চলটোত ৷
বকোত বন্যহস্তীৰ তাণ্ডৱ - wild elephant terror
কৰ'ণা মহামাৰী,বানপানীৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অসম মেঘালয় সীমান্তৱৰ্তী কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত হাহিম অঞ্চলতো তাণ্ডৱ চলাই আহিছে বন্যহস্তীয়ে ৷
বকোত বন্যহস্তীৰ তাণ্ডৱ
খাদ্যৰ সন্ধানত প্ৰায়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্যহস্তীৰ দলটো ৷ এই ক্ষেত্ৰত অৱশ্যে, বন বিভাগৰ নিৰ্লিপ্ততাও নুই কৰিব নোৱাৰি। কিয়নো হাহিমত আছে পশ্চিম কামৰূপ বন সংমণ্ডল অধীনত হাহিম ফৰেষ্ট বিট অফিচ। কিন্তু অফিচটোত কৰ্মচাৰীৰ অভাৱ ফলত এনেধৰণৰ ঘটনা সংঘটিত হ'লেও কোনো ধৰণৰ সহায় আগবঢ়াব নোৱাৰে বন বিভাগে ৷ সেয়ে এতিয়া বিভাগটোৰ ওপৰত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ ৰাইজ ৷
লগতে পঢ়কঃ অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ