বকো,20 জানুৱাৰী : কামৰূপৰ বকোৰ জনাঞ্চলত বুধবাৰে বন্যহস্তীৰ তাণ্ডৱ ৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা 30-40 টা হাতীৰ এটা জাকে অসম-মেঘালয় সীমান্তৱৰ্তী হাহিম, বাকাৰাপাৰা আদি গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাৰ লগতে তহিলং কৰে খেতিপথাৰ ।
বকোত খেতিপথাৰ তহিলং কৰিলে এজাক বন্য়হস্তীয়ে
বুধবাৰে বকোৰ হাহিম, বাকাৰাপাৰা আদি গাঁৱত তাণ্ডৱ চলোৱাৰ লগতে খেতিপথাৰ তহিলং কৰে এজাক বনৰীয়া হাতীয়ে ৷ বন্যহস্তীৰ জাকটো খেদিবলৈ বৰ্তমানো উপস্থিত হোৱা নাই বন বিভাগৰ লোক ৷
বকোত খেতিপথাৰ তহিলং কৰিলে এজাক বন্য়হস্তীয়ে
ইয়াৰ ফলস্বৰূপে চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ আনহাতে, হাতীৰ জাকটোক খেদিবলৈ বৰ্তমানো উপস্থিত হোৱা নাই বন বিভাগৰ লোক ৷ গতিকে হাতীৰ জাকটো খেদিলে যদিও পুনৰ গাঁৱত প্ৰৱেশ কৰাৰ আশংকা কৰি উজাগৰে নিশাটো পাৰ কৰিব স্থানীয় ৰাইজে ৷
লগতে পঢ়ক :নগাঁৱত আৰক্ষীৰে খণ্ডযুদ্ধ 'কা' বিৰোধীৰ : প্ৰতিবাদকাৰীক আটক