অসম

assam

ETV Bharat / state

পলাশবাৰীত উদ্ধাৰ ব্ৰহ্মপুত্ৰৰে উটি অহা বন্যহস্তী - দক্ষিণ কামৰূপ

বিগত শনিবাৰে বানৰ ফলত ব্ৰহ্মপুত্ৰৰে উটি আহিছিল এটা বন্যহস্তী। ওৰাংৰ পৰা ব্ৰহ্মপুত্ৰৰে উটি আহি বন্য হস্তীটোৱে দক্ষিণ কামৰূপৰ পলাশবাৰী দখলা ক'লনীত উঠিছিল । বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় হাতীটো ৷

পলাশবাৰীত উদ্ধাৰ ব্ৰহ্মপুত্ৰৰে উটি অহা বন্যহস্তী
পলাশবাৰীত উদ্ধাৰ ব্ৰহ্মপুত্ৰৰে উটি অহা বন্যহস্তী

By

Published : Jul 16, 2020, 10:37 PM IST

পলাশবাৰী, 16 জুলাইঃ অৱশেষত বহু উৎকণ্ঠাৰ অন্ত পেলাই বৃহস্পতিবাৰে পলাশবাৰীত উদ্ধাৰ হ’ল ব্ৰহ্মপুত্ৰৰে উটি যোৱা বন্যহস্তীটো ৷ বিশেষজ্ঞৰ দল, হাতীৰ দল আৰু বনবিভাগৰ লোকে হাতীটো ট্ৰেংকুলাইজ কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত হাতীটো ৰাণী বনাঞ্চললৈ নি এৰি দিয়া হ'ব বুলি জনাই বনবিভাগৰ লোকে ।

পলাশবাৰীত উদ্ধাৰ ব্ৰহ্মপুত্ৰৰে উটি অহা বন্যহস্তী

উল্লেখ্য যে,শনিবাৰে বানৰ ফলত ব্ৰহ্মপুত্ৰৰে উটি আহিছিল এটা বন্যহস্তী । ওৰাঙৰ পৰা ব্ৰহ্মপুত্ৰৰে উটি আহি বন্য হস্তীটোৱে দক্ষিণ কামৰূপৰ পলাশবাৰী দখলা ক'লনীত উঠিছিল । তাৰপিছত হাতীটোৱে পলাশবাৰীৰ বিভিন্ন অঞ্চলত ৬টা দিন ধৰি উপদ্ৰৱ চলাই জনসাধাৰণৰ ঘৰ-দুৱাৰ ভাগি বহুতো পৰিমাণে ক্ষতিসাধন কৰে ।

এই ৬টা দিনত বন্যহস্তীটোক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল বন বিভাগে । গুলী ফুটাইও লৰচৰ কৰিব পৰা নাছিল হাতীটোক। তাৰপিছত হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ বনবিভাগে ৩ টাকৈ ঘৰুৱা হাতী আনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলালে যদিও বিফল হ'ল । তাৰপিছত এইবাৰ বিশ্বনাথৰ পৰা এটা বিশেষজ্ঞৰ দল আহিও বিফল,এইবাৰ আকৌ আহিল মানসৰ পৰা এটা দল তাৰপিছত হাতীটোক কৰা হ'ল ট্ৰেংকুলাইজ, কিন্তু দ্বীতিয়বাৰলৈ সম্পূৰ্ণভাৱে বিফল হোৱাৰ পিছত তৃতীয়বাৰলৈ হাতীটো কিছু অস্থিৰ অৱস্থালৈ আহে যদিও পিছলৈ পুনৰ বন বিভাগৰ নিয়ন্ত্ৰৰ বাহিৰলৈ গুচি যায় ।

অৱশেষত আজি ষষ্ঠ দিনা বহু জল্পনাৰ অন্ত পেলাই বনবিভাগৰ লোকে হাতীটো ট্ৰেংকুলাইজ কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বনৰীয়া হাতীটো ৷

লগতে পঢ়কঃ লক ডাউনে গতি সলালে জীৱনৰ...

ABOUT THE AUTHOR

...view details