বকো,৮ মে' : বকোৰ পাৰোগাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ কৰুণ মৃত্যু। বনৰীয়া হাতীৰ গচকত নিহত হয় সুৰ্মীলা ৰাভা নামৰ মহিলাগৰাকী। মঙলবাৰে গৰু চৰাবলৈ আৰু খৰি সংগ্ৰহ কৰিবলৈ তাৰাইবাড়ী সংৰক্ষিত বনাঞ্চললৈ গৈছিল বৰ্ষীয়ান মহিলাগৰাকী। তাৰ পিছৰ পৰা সন্ধানহীন হৈ থকা সুৰ্মীলা ৰাভাৰ মৃতদেহ বুধবাৰে প্ৰত্যক্ষ কৰে একেখন গাঁৱৰে লোক এজনে। লগে লগে কথাটো জানিব পাৰি গাঁওবাসীয়ে খৱৰ দিয়ে বকো আৰক্ষী আৰু বনবিভাগক ।
বকোত বনৰীয়া হাতীৰ তাণ্ডৱঃ এগৰাকী মহিলাৰ মৃত্যু - গুৱাহাটী
গৰু চৰাবলৈ গৈ হাতীৰ গচকত নিহত হয় প্ৰায় ৬০ বৰ্ষীয়ান মহিলা সুৰ্মীলা ৰাভা

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ লৈ আহে বকো আৰক্ষী থানালৈ। কাইলৈ মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল লৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ইফালে, প্ৰায় ৬০টা বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি এটা হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। খাদ্যৰ সন্ধানত হাতীটোৱে দিনে নিশাই উপদ্ৰৱ চলাই হৈছে পাৰোগাঁও, কিনানগাঁও,আমৰেংকোনা, ৰাজাপাৰা আদি গাঁৱত। এই সন্দৰ্ভত ভুক্তভোগী ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰে বন বিভাগে।অভিযোগ অনুসৰি ঘটনাস্থলীত উপস্থিতেই নহয় বন বিষয়া-কৰ্মচাৰী। ইফালে দুদিন পূৰ্বে গাঁৱখনৰে বিষ্ণু ৰাভা নামৰ লোক এজন ঘৰতো উপদ্ৰৱ চলাই বনৰীয়া হাতীটোৱে।