বকো, 24 আগষ্ট:বকোত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । সোমবাৰে পুৱতি নিশা প্ৰায় 3 বজাত ছয়টা বনৰীয়া হাতীয়ে বকোৰ চুকুনীয়াপাৰা অঞ্চলত প্ৰৱেশ কৰি দশৰথ ৰাভা নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে ৷ দশৰথ ৰাভা আৰু পৰিয়ালৰ সদস্যসকলে ঘৰৰ পৰা পলায়ন কৰি কথমপি প্ৰাণৰক্ষা কৰে ৷
বকোত বন্যহস্তীৰ উপদ্ৰৱ: কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ - BOKO
বন বিভাগক এই সন্দৰ্ভত কেইবাবাৰো অৱগত কৰাৰ পাছতো বিভাগটোৱে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
বকোত বন্যহস্তীৰ উপদ্ৰৱ: কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ
বনৰীয়া হাতীৰ জাকটোৱে দশৰথ ৰাভাৰ ঘৰ ভঙাৰ লগতে বাসগৃহৰ সামগ্ৰীসমূহৰো বিস্তৰ ক্ষতি কৰাৰ উপৰি ভৰালৰ ধান খায় তহিলং কৰে । বন্যহস্তীৰ জাকটোৱে প্ৰায়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ ধাৰাবাহিকভাবে গঞা ৰাইজৰ ক্ষতিসাধন কৰি আহিছে। বন বিভাগক এই সন্দৰ্ভত কেইবাবাৰো অৱগত কৰাৰ পাচতো বিভাগটোৱে নিৰ্লিপ্ত ভুমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক:গান্ধী পৰিয়ালৰ পৰা দলৰ অধ্যক্ষ নিযুক্তি দিয়াৰ আহ্বান এনএছইউআইৰ