বাইহাটা, 26 আগষ্ট: বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত অলপো বিশ্বাস নাই ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। ক'ভিডৰ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্ববাসীয়ে বিশ্ব স্বাস্থ্য সংস্থাটোৰ ওপৰত আগ্ৰহেৰে বাট চাই থকাৰ সময়তো সংস্থাটোৱে ক'ভিড প্ৰতিৰোধৰ ঔষধ আৱিষ্কাৰ কৰাত চৰম ব্যৰ্থ হৈছে ।
তাৰ বিপৰীতে সংস্থাটোৱে বিশ্ববাসীক ক'ভিডৰ ভয় খুৱাই সকলোকে আতংকিত কৰি ৰাখিছে । মুখ্যমন্ত্ৰীৰ ক'ভিড 19 বিধৱা সাহায্য আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ জিলাৰ আমিনগাঁৱত বিধৱা মহিলাৰ মাজত চেক বিতৰণ কৰি "বিশ্ব স্বাস্থ্য সংস্থা"ক কি দৰে সমালোচনা কৰিছে শুনক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত নাৰাজ চন্দ্ৰমোহন পাটোৱাৰী লগতে পঢ়কঃ বীৰ লাচিত সেনাক কি প্ৰতিশ্ৰুতি দিছিল ৰামেশ্বৰ তেলীয়ে ?
মন্ত্ৰী পাটোৱাৰীৰ মতে, সংস্থাৰ বিজ্ঞানীসকলে ঔষধ প্ৰস্তুত কৰাৰ পৰা বিৰত থাকি জনসাধাৰণক আতংকিতহে কৰে৷ ক'ভিডৰ ঔষধ উলিয়াব নোৱাৰাৰ বাবেই ভেকচিন লোৱাৰ পিছতো ক'ভিডত মানুহৰ মৃত্যু হৈছে । এতিয়া প্ৰকৃতিৰ ওচৰত মানুহে হাৰ মানিবলগীয়া হৈছে । বিশ্বৰ উন্নত দেশসমূহৰ লোকসকলেও ক'ভিডত আক্ৰান্ত হোৱাই নহয়, মৃত্যুমুখতো পৰিছে ।
এনে জটিল পৰিস্থিতিত পৃথিৱীৰ সকলো মানুহে সংস্থাটোৰ ফালে চাই থকাৰ সময়ত সংস্থাটো নিমাত হৈ আছে । ক’ভিড ভেকচিন প্ৰস্তুৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাটোৱে কোটি কোটি বিলিয়ন ডলাৰ খৰচ কৰাৰ কোনো যুক্তি নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে ।
উক্ত অনুষ্ঠানত উপস্থিত থকা গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই মন্ত্ৰী চন্দ্ৰমোহনৰ উদ্ভট বক্তব্যৰ সমৰ্থন কৰা দেখা যায় ।
লগতে পঢ়কঃ পহিলা ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান: ভেকচিন বাধ্যতামূলক