অসম

assam

ETV Bharat / state

বকোৰ এঘৰত আগচোতাল ভৰিছে শ শ টোকোৰা চৰায়ে - ব’হাগৰ বৰদৈচিলা

বকোৰ এঘৰত আহি ভিৰ কৰিছে শ শ আলহী । আলহীয়ে আহিয়েই সাজি লৈছে ঘৰ-দুৱাৰ । ইয়াক লৈ কিন্তু তিলমানো আক্ষেপ নাই গৃহস্থৰ । বৰঞ্চ মাজে মাজে খোৱাৰহে যোগান ধৰি আহিছে পৰিয়ালটোৱে ।

বকোৰ এঘৰত আগচোতাল ভৰিছে শ শ টোকোৰা চৰায়ে
বকোৰ এঘৰত আগচোতাল ভৰিছে শ শ টোকোৰা চৰায়ে

By

Published : May 30, 2021, 8:00 PM IST

বকো, 30 মে’: প্ৰকৃতিয়ে সলাইছে নিজা ৰূপ ৷ তাৰ মাজতেই বকোৰ বাঘৰগাঁৱৰ পৰিয়াল এটালৈ আহিছে শ শ আলহী । এই আলহীবিধ হৈছে সকলোৰে পৰিচিত টোকোৰা চৰাই ।

ব’হাগৰ বৰদৈচিলাৰ সৈতে আহি এই টোকোৰা চৰাই বিধে দি যায় প্ৰকৃতিক এক অনুপম সৌন্দৰ্য্য । শান্তি প্ৰিয় লোকৰ গৃহৰ চৌহদৰ তামোল, নাৰিকল আদি ওখ গছত আশ্ৰয় লৈ সাজি লয় বাহ । কাৰণ টোকোৰা চৰাইৰ এয়া বংশ বৃদ্ধিৰ সময় ।

বকোৰ এঘৰত আগচোতাল ভৰিছে শ শ টোকোৰা চৰায়ে

প্ৰায় ৫/৬ মাহ বসবাস কৰি পোৱালি ডাঙৰ দীঘল কৰি গুচি যায় দূৰ দিগন্তলৈ । বহু পৰিয়ালৰ বিশ্বাস টোকোৰা চৰাই বিধে আহি গৃহত বাহ সাজিলে গৃহস্থলৈ আহে সুখ-শান্তি । যেন টোকোৰা চৰাই সোভাগ্যৰ প্ৰতীক। প্ৰায় বিশ বছৰ ধৰি বকোৰ এই পৰিয়ালটোলৈ ক্ৰমাগতভাৱে আহিয়েই আছে আলহী ।

টোকোৰা চৰাইৰ বাহ সজা দৃশ্য নান্দনিক । এডাল এডাল খেৰ-কূটা গোতাই আপোনমনে বাহ সাজে টোকোৰাই । সৰু জোঙা ঠোঁটেৰে আটোমটোকাৰিকৈ বাহ সজা দৃশ্যই প্ৰভাম্বিত কৰে প্ৰকৃতিপ্ৰেমীক ।

ব’হাগত আহি শাওন-ভাদত বিদায় লয় টোকোৰা চৰাই বিধে । ক’ৰবাৰ পৰা উৰি আহি দি থৈ যায় কৰ্মপ্ৰেৰণাৰ সংজ্ঞা ।

লগতে পঢ়ক:বিলুপ্তিৰ পথত অভিযন্তা চৰাই

ABOUT THE AUTHOR

...view details