অসম

assam

ETV Bharat / state

6 বছৰ ধৰি বিকলাৱস্থাত ৰঙিয়াৰ পানী যোগান আঁচনি - খোৱা পানী

বিগত 6 বছৰ ধৰি বিকল হৈ আছে ৰঙিয়াৰ তৰণীৰ এপল মিলৰ কাষৰ পানী যোগান আঁচনিখন ৷ সেয়েহে বিশুদ্ধ খোৱা পানীক লৈ যমৰ যাতনা ভুগিছে ৰঙিয়াবাসী ৷ শীঘ্ৰেই আঁচনিখন কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Water supply underdevelopment at Rangia
6 বছৰ ধৰি বিকলাৱস্থাত ৰঙিয়াৰ পানী যোগান আঁচনি

By

Published : Sep 18, 2020, 12:56 PM IST

ৰঙিয়া, 18 ছেপ্তেম্বৰ: জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিকল হৈ থকা পানী যোগান আঁচনিসমূহৰ ভিতৰত অন্যতম ৰূপে ৰঙিয়াৰ তৰণীৰ এপ’ল’ মিলৰ কাষৰ পানী যোগান আঁচনিখনো অন্তৰ্ভুক্ত হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, প্ৰায় 6 বছৰ পূৰ্বে নিৰ্মাণ কৰা আঁচনিখনৰ পৰা আজিলৈকে লাভান্বিত হোৱা নাই ৰঙিয়াবাসী ৷

প্ৰায় 1 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা আঁচনিখনৰ পাইপলাইনৰ কামো কেইবছৰমান পূৰ্বে সম্পূৰ্ণ হৈছিল যদিও এতিয়াও ৰাইজে খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷ ইমান দিনে আঁচনিখনৰ মেচিনসমূহ ব্যৱহাৰ নকৰাৰ ফলত এইসমূহ জহি-খহি যাব বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে ৷

6 বছৰ ধৰি বিকলাৱস্থাত ৰঙিয়াৰ পানী যোগান আঁচনি

সেয়েহে অচিৰেই জনস্বাস্থ্য কাৰিকৰী বিভাগে আঁচনিখন কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক:ঠিকাদাৰৰ গফলিতিৰ বাবে নগাঁৱত যুৱকৰ মৃত্য়ু

ABOUT THE AUTHOR

...view details