ৰঙিয়া, 24 আগষ্ট: ‘‘আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল’’ ৷ এই ফকৰা-যোজনাটিৰ সৈতে সম্পূৰ্ণৰূপে মিল আছে জলসিঞ্চন বিভাগৰ (Irrigation Department) এখন পানী যোগান(Water Supply) আঁচনিৰ ৷ পানী যোগান আঁচনিখন আছে ঠিকেই, কিন্তু এটুপি পানীৰ বাবেহে হাহাকাৰ কৰিবলগীয়া হৈছে ইয়াৰ কাষৰীয়া ৰাইজে ৷
এটা দশকতকৈও অধিক পুৰণি এই বিকল পানী যোগান আঁচনিখন হৈছে ৰঙিয়াৰ পিতাম্বৰ হাট বজালীৰ পানী যোগান আঁচনি ৷ পানী যোগান ধৰিবলৈ আঁচনিখন কাৰ্যক্ষম যদিও ই প্ৰয়োজন সাপেক্ষে বিভিন্ন অজুহাত লৈ বিকল হৈ পৰি থাকে ৷ কেতিয়াবা যদি আঁচনিখনৰ পাইপত ফুটা থাকে, আন কেতিয়াবা আকৌ বিজুলী সংযোগৰ ক্ষেত্ৰত সৃষ্টি হয় বিভিন্ন সমস্যাৰ ।
লগতে পঢ়ক:নাই পানী ! চেলাইনৰ পানীৰে হাত ধুইছে চিকিৎসকে...
এই সমস্যাসমূহ সমাধান কৰিবলৈ যাওতে উদ্ভৱ হয় আন এক সমস্যাৰ । মুঠতে নিত্য নতুন সমস্যাৰে জৰ্জৰিত আঁচনিখনে সময়মতে স্থানীয় ৰাইজক পানী যোগানত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ।
ৰঙিয়াৰ পানী যোগান আঁচনি বিকল লাখ লাখ টকা খৰচ কৰি চৰকাৰে ৰাইজৰ হিতৰ বাবে যোগান ধৰা এই আঁচনিখনৰ পৰা সৰ্বসাধাৰণে কিমান লাভৱান হৈছে, সেয়া খবৰ লবলৈ কিন্তু আহৰি নাই জনপ্ৰতিনিধিৰ ৷ উপায়হীন হৈ স্থানীয় ৰাইজে বহুবাৰ বিভাগটোক অৱগত কৰিবলৈ চেষ্টা কৰিছিল যদিও সমস্যা সমাধানৰ ক্ষেত্ৰত বিভাগটোৰ যেন সদিচ্ছাৰ অভাৱ হৈছে ।
বিগত কাৰ্যকালত বিধায়ক ভৱেশ কলিতাই আঁচনিৰ কৰ্মচাৰীসকলক সঠিক পথলৈ আনিবলৈ সক্ষম হোৱা পৰিলক্ষিত নহ’ল । ইয়াৰ ফলস্বৰূপে কৃষিপ্ৰধান অঞ্চলটোৰ কৃষক ৰাইজে পানীৰ বাবে আকাশলৈ চাই দিন অতিবাহিত কৰিবলৈ বাধ্য হয় ।
লগতে পঢ়ক:বান-খহনীয়া প্ৰতিৰোধৰ দাবীৰে কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ