অসম

assam

ETV Bharat / state

বকোৰ কুষ্ঠ ৰোগ চিকিৎসা কেন্দ্ৰত গৰম কাপোৰ বিতৰণ - কুষ্ঠ ৰোগ চিকিৎসা কেন্দ্ৰ

বকোৰ চ'কাবাহাত থকা কুষ্ঠ ৰোগ চিকিৎসা কেন্দ্ৰত থকা তিনিগৰাকী ৰোগীক কম্বল, চুৱেটাৰ আদি বিতৰণ কৰে বকোৰ উদীয়মান যুৱক আৰু সাংবাদিকে ৷ উদীয়মান যুৱক তথা সাংবাদিক কেইগৰাকীৰ পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে ৷

warm-cloths-distributions-at-boko
বকোৰ কুষ্ঠ ৰোগ চিকিৎসা কেন্দ্ৰত গৰম কাপোৰ বিতৰণ

By

Published : Jan 7, 2021, 1:27 PM IST

বকো, 7জানুৱাৰী:বকোৰ উদীয়মান যুৱক আৰু সাংবাদিকৰ প্ৰশংসনীয় পদক্ষেপ ৷ বকোৰ চ'কাবাহাত থকা কুষ্ঠ ৰোগ চিকিৎসা কেন্দ্ৰত থকা তিনিগৰাকী ৰোগীক কম্বল, চুৱেটাৰ আদি বিতৰণ কৰে বকোৰ উদীয়মান যুৱক তথা ব্যৱসায়ী ধনঞ্জয় মেধি, পৱন কলিতা, পিংকু স্বৰ্গীয়াৰী তথা সাংবাদিক চন্দন মজুমদাৰ, নয়ন কলিতাই ৷

উল্লেখযোগ্য যে, বৰ্তমান বকোৰ কুষ্ঠ ৰোগ চিকিৎসা কেন্দ্ৰতো চৰকাৰৰ পৰা অৱহেলিত হোৱা বাবে ৰোগী সকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলিও জনায় চিকিৎসা কেন্দ্ৰ কৰ্মীসকলে ৷ আনহাতে, উদীয়মান যুৱক তথা সাংবাদিক কেইগৰাকীৰ পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়কঃজামিন নাপালে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details