ৰঙিয়া, ১০ নৱেম্বৰ:ক্ষমতাৰ বলত বলীয়ান ৰঙিয়া নগৰৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰৰ স্বামী । নিজ ময়মতালিৰে ৰঙিয়া পৌৰসভা(Rangia Municipality)ৰ অধীনৰ পথৰ ওপৰত থকা কালভাৰ্ট ভাঙি দিলে ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰেচমা বেগমৰ স্বামী ছাহাবুদ্দিন আহমেদে । ঘৰৰ সন্মুখৰ পথেৰে বালি ভৰ্তি ডাম্পাৰ চলাচল কৰাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ কালভাৰ্টটোৰ এটা অংশ ভাঙি দিয়াৰ অভিযোগ ছাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে(Ward Commissioner husband Dadagiri in Rangia) ।
আনকি ডাম্পাৰ চলাচল কৰাৰ বাবে বন বিভাগকো দাবী ধমকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ছাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে । ৱাৰ্ড কমিছনাৰৰ স্বামীৰ এনে কৰ্মকাণ্ডত ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল । স্থানীয় লোকসকলে একগোট হৈ ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত উত্থাপন কৰে অভিযোগ । স্থানীয় ৰাইজে ছাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰো ।