অসম

assam

ETV Bharat / state

৮২.০৪ শতাংশ ভোটদানেৰে সফল সামৰণি অসম বিধানসভা নিৰ্বাচন

তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ হাৰ ৮২.০৪ শতাংশ । ৪৭ টা সমষ্টিত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৯.৯৭ শতাংশ আৰু ৩৯ টা সমষ্টিত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮০.৯ শতাংশ । ইয়াৰ বিপৰীতে ৪০ টা সমষ্টিত অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৮৫.২০ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । তিনিটা পৰ্যায় মিলি ভোটদানৰ হাৰ হৈছে ৮২.০৪ শতাংশ ।

voting percentage 82.04 in assam legidlative assembly
৮২.০৪ শতাংশ ভোটদানেৰে সফল সামৰণি অসম বিধানসভাৰ নিৰ্বাচন

By

Published : Apr 7, 2021, 9:47 PM IST

গুৱাহাটী,৭ এপ্ৰিল:তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ হাৰ ৮২.০৪ শতাংশ । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ তুলনাত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল সৰ্বাধিক । ৪৭ টা সমষ্টিত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৯.৯৭ শতাংশ আৰু ৩৯ টা সমষ্টিত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮০.৯ শতাংশ । ইয়াৰ বিপৰীতে ৪০ টা সমষ্টিত অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৮৫.২০ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । তিনিটা পৰ্যায় মিলি ভোটদানৰ হাৰ হৈছে ৮২.০৪ শতাংশ ।

উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণ আছিল লেখত লবলগীয়া । মুঠ ৮০.৬৩ শতাংশ মহিলাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে এইবাৰৰ নিৰ্বাচনত মাত্ৰ দুই শতাংশতকৈ কম ইভিএম আৰু ভিভিপেড সলনি কৰিব লগা হয় । লক্ষনীয় বিষয়টো হ’ল, ইভিএমৰ বিসংগতি আৰু সন্দেহজনক গতিবিধিৰে ইভিএম পৰিবহণ কৰাৰ অভিযোগ কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰি আহিছে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনটো ইভিএমক লৈ নানান অভিযোগ উত্থাপন হৈছে যদিও মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে বহু অভিযোগক উৰা বাতৰি বুলি সদৰী কৰিছে ।

বহু বিসংগতি আৰু খেলি-মেলিৰ অভিযোগৰ মাজতে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব 2 মে'লৈ । ইভিএমত বন্দী হ'ল ৯৪৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । ইয়াৰ ভিতৰত ৮৭২ জন পুৰুষ আৰু ৭৪ গৰাকী মহিলা প্ৰাৰ্থী । কেইবাটাও নিৰ্বাচনৰ পাছত অসমত এইবাৰ মুখ্যমন্ত্ৰী পদৰ নাম আগতীয়াকৈ ঘোষণা নকৰাকৈ নিৰ্বাচন সম্পন্ন হ'ল । বিজেপি মিত্ৰদল আৰু কংগ্ৰেছ মহাজোঁটে এইবাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আগতীয়াকৈ ঘোষণা নকৰিলে । আনহাতে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত ৰাজ্যজুৰি চলোৱা অভিযানত নগদ ধন আৰু অবৈধভাৱে সৰবৰাহ কৰা সুৰা আৰু ড্ৰাগছসহ বিভিন্ন সা-সামগ্ৰী মিলি মূল্য হিচাপত ১২২.৩৩ কোটি টকা জব্দ কৰা হয় ।

লগতে পঢ়ক :কৰিমগঞ্জত ৰে’ল-ৱেগনাৰৰ মাজত সংঘৰ্ষ

ABOUT THE AUTHOR

...view details