দক্ষিণ কামৰূপ/আজাৰা,19আগষ্টঃ এইবাৰ ৰাজনীতিৰ পথাৰত খোজ পেলাবলৈ সাজু জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা ৷ সংগীত চৰ্চাৰ সমান্তৰালভাৱে সামাজিক কৰ্মৰাজিৰ সৈতে জড়িত তথা কা আন্দোলনৰ সময়ত ৰাজপথত নামি পৰা কণ্ঠশিল্পী গৰাকীয়ে অহা 25 আগষ্টত যোগদান কৰিব কংগ্ৰেছ দলত ৷ ইয়াৰ পিছতে এতিয়া বিশেষভাৱে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চিত হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী ৷ কাৰণ সন্মুখত 2021ৰ বিধানসভা নিৰ্বাচন ৷
এই সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুটীয়া সাক্ষাৎকাৰত কণ্ঠশিল্পী বাবু বৰুৱাই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি সদৰি কৰে ৷ ইয়াৰ উপৰি কংগ্ৰেছ দলে 2021 ৰ নিৰ্বাচনত তেওঁক যদি অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়ে তেনেহ'লে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰো ইংগিত দিয়ে বাবু বৰুৱাই ৷ সাক্ষাৎকাৰত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৰাজপথৰ আন্দোলনৰ সলনি ৰাজনৈতিক ভাবে আন্দোনল গঢ়ি তুলিবলৈ আহ্বান জনালে যুৱ প্ৰজন্মক । ইপিনে কা সন্দৰ্ভত নিজৰ স্থিতি একেই আছে বুলি উল্লেখ কৰি আগন্তুক সময়তো 'কা'ৰ বিৰোধিতা কৰি যাব বুলি স্পষ্ট কৰে কণ্ঠশিল্পী গৰাকীয়ে ৷ যাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত হেঁচা প্ৰয়োগ কৰিবৰ বাবেই কংগ্ৰেছত যোগদান কৰিব বুলিও মন্তব্য কৰে বাবু বৰুৱাই ৷